NORTHEAST NOW (Assamese)
অসম

দক্ষিণ এছিয়ান গেমছত ৰ’দালিৰ সোণ, পাকিস্তানৰ প্ৰতিদ্বন্দ্বিক পৰাস্ত কৰি ছেমিফাইনেলত অস্মিতা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 5, 2019 6:44 pm
Rodali-Baruah

নেপালত চলি থকা ত্ৰয়োদশ দক্ষিণ এছিয়ান গেমছত চমকপ্ৰদ প্ৰদৰ্শনেৰে সোণৰ পদক অৰ্জন কৰিছে অসমৰ প্ৰতিভাৱান খেলুৱৈ ৰ’দালি বৰুৱাই।

টাইকোৱানডোৰ মহিলাৰ ৭৩ কেজি উৰ্দ্ধৰ শাখাত প্ৰতিদ্বিন্দ্বিতা কৰা ৰ’দালি বৰুৱাই বুধবাৰে শ্ৰেষ্ঠত্ব অৰ্জন কৰি দেশৰ হৈ সোণৰ পদক দখল কৰে।

ৰ’দালিৰ পূৰ্বে অসমৰ আন এগৰাকী টাইকোৱানডো খেলুৱৈ হৰ্ষা সিনহাই প্ৰতিযোগিতাখনত দুটা পদক অৰ্জন কৰে।

হৰ্ষাই ২৯ বছৰ অনূৰ্দ্ধৰ পুমছে ইভেণ্টৰ ব্যক্তিগত শাখাত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বিপৰীতে একেটা ইভেণ্টৰে যুটীয়া শাখাত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰে।

আনহাতে, প্ৰতিযোগিতাখনৰ বেডমিণ্টনৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ প্ৰতিভাৱান শ্বাটলাৰ অস্মিতা চলিহা।

অস্মিতাই কোৱাৰ্টাৰ ফাইনেলত পাকিস্তানৰ পালৱাছা বাছিৰক পৰস্তা কৰি ছেমি ফাইনেলত স্থান সুৰক্ষিত কৰে।

নেপালত চলি থকা দক্ষিণ এছিয়ান গেমছত অসমৰ খেলুৱৈৰ চমকপ্ৰদ প্ৰদৰ্শনে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ মাজত আনন্দৰ সৃষ্টি কৰিছে।

প্ৰতিযোগিতাখনত ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, ভূটান আৰু দক্ষিণ এছিয়াৰ অন্তৰ্ভূক্ত বিভিন্ন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।