NORTHEAST NOW (Assamese)
অসম

ৰাহুল গান্ধীৰ আমন্ত্ৰণত দিল্লীলৈ নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ

Posted by: এন ই নাও নিউজ February 3, 2019 11:05 pm
Citizenship Bill

নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত বৈঠকত মিলিত হোৱাৰ বাবে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ আমন্ত্ৰণক্ৰমে নতুন দিল্লীত উপস্থিত হৈছে নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ।

সোমবাৰে বিয়লি ৩:৩০ বজাত কংগ্ৰেছ মুৰব্বীগৰাকীৰ সৈতে আলোচনাত মিলিত হ’ব মঞ্চৰ ছজনীয়া প্ৰতিনিধি দলটো।

মঞ্চৰ অধ্যক্ষ, বৰ্ষীয়ান বুদ্ধিজীৱী হীৰেন গোহাঁইৰ নেতৃত্বত যোৱা দলটোত আছে হলিৰাম তেৰাং, হাইদৰ হুছেইন, মনজিত মহন্ত, দেৱেন তামুলী আৰু শান্তনু বৰঠাকুৰ।

ৰাহুল গান্ধীক সাক্ষাতৰ পিছতে আলোচনাৰ সবিশেষ সংবাদমেলযোগে জনোৱা হ’ব, নৰ্থ ইষ্ট নাও-ক জনায় মঞ্চৰ প্ৰতিনিধি বৰঠাকুৰে।

তেওঁ লগতে জনাই যে বিধেয়কখনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ৰাজনীতিত ঐকমত্য সৃষ্টিৰ উদ্যোগ লোৱাৰ বাবে কংগ্ৰেছ সভাপতিগৰাকীক আহ্বান জনোৱা হ’ব।

লগতে পঢ়ক– বিধেয়কৰ বিৰুদ্ধে অৱস্থান ল’বলৈ কংগ্ৰেছ সাংসদক হুইপ জাৰি ৰাহুল গান্ধীৰ

অসমৰ বিভিন্ন ক্ষেত্ৰৰ কিছু জনাজাত আৰু জ্যেষ্ঠ নাগৰিকক লৈ মঞ্চটো নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰ বাবে গঠন কৰা হৈছিল।

বিৰোধী কংগ্ৰেছৰ উপৰি জে দি (ইউ), শিৱসেনাকে ধৰি এন ডি এ মিত্ৰ কেইবাটাও দলেও বিজেপি নেতৃত্বাধীন চৰকাৰ উত্থাপিত বিধেয়কখনৰ বিৰোধিতা কৰিছে।

তাৰোপৰি বিজেপি নেতৃত্বাধীন নেদাৰ অংশীদাৰ এম এন এফ, এন পি পি আদি দলৰ লগতে খোদ বিজেপিৰো মিজোৰাম, নাগালেণ্ড প্ৰদেশে উত্তৰ-পূবৰ খিলঞ্জীয়াৰ ব্যাপক বিৰোধিতাৰ সন্মুখীন হোৱা বিধেয়কখনৰ বিৰোধিতা কৰিছে।