NORTHEAST NOW (Assamese)

ৰাঘৱ চাদ্ধাসহ ৭ সাংসদৰ বিজেপিত যোগদান, পঞ্জাববাসীক বিজেপিৰ প্ৰতাৰণা বুলি ক্ষোভ কেজৰিৱালৰ

April 24, 2026 7:41 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 10:55 am

আম আদমী পাৰ্টী চমুকৈ আপত এক বৃহৎ খহনীয়াৰ সৃষ্টি হৈছে। শুকুৰবাৰে আপৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাঘৱ চাদ্ধাই আন ছয়গৰাকী সাংসদৰ সৈতে দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। এই ঘটনাক লৈ আপৰ মুৰব্বী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়া এক্সত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছে যে বিজেপিয়ে পঞ্জাৱৰ ৰাইজক পুনৰবাৰ প্ৰতাৰণা কৰিলে। মূলতঃ অৰবিন্দ কেজৰিৱালে বিজেপিৰ এই কাৰ্য্যক এক প্ৰতাৰণামূলক পদক্ষেপ বুলি অভিহিত কৰিছে।

এখন সংবাদমেল সম্বোধন কৰি ৰাঘৱ চাদ্ধাই স্পষ্ট কৰি দিয়ে যে তেওঁলোকে সংবিধানৰ নিয়ম অনুসৰিয়েই বিজেপিত যোগদান কৰিছে। আপৰ ৰাজ্যসভাৰ মুঠ সাংসদৰ দুই তৃতীয়াংশই একেলগে দল ত্যাগ কৰাৰ বাবে তেওঁলোকৰ ওপৰত দলত্যাগ বিৰোধী আইন প্ৰযোজ্য নহ’ব বুলিও তেওঁ উল্লেখ কৰে। আপ ত্যাগ কৰি বিজেপিত যোগদান কৰা এই সাংসদসকল হৈছে ৰাঘৱ চাদ্ধা, স্বাতী মালিৱাল, হৰভজন সিং, অশোক মিত্তল, সন্দীপ পাঠক, ৰাজিন্দৰ গুপ্তা আৰু বিক্ৰম সাহনী।

দল ত্যাগ কৰাৰ কাৰণ সন্দৰ্ভত ৰাঘৱে কয় যে তেওঁ নিজৰ তেজ, ঘাম আৰু যৌৱনৰ ১৫টা বছৰ আপৰ বাবে উৎসৰ্গা কৰিছিল। কিন্তু বৰ্তমান আপ নিজৰ মূল আদৰ্শৰ পৰা আঁতৰি গৈছে। তেওঁৰ মতে, দলটোৱে এতিয়া দেশৰ সলনি কেৱল ব্যক্তিগত স্বাৰ্থৰ বাবেহে কাম কৰে। নিজকে এটা ভুল দলত আৱদ্ধ থকা এজন সৎ ব্যক্তি বুলি অভিহিত কৰি তেওঁ পুনৰ ৰাইজৰ কাষলৈ উভতি যোৱাৰ কথা প্ৰকাশ কৰে। আনহাতে, এই প্ৰসংগত আপৰ জ্যেষ্ঠ নেতা সঞ্জয় সিঙে সমালোচনা কৰি কয় যে যিটো দলে ৰাঘৱক ৰাজ্যসভাৰ আসনকে ধৰি সকলো সুবিধা দিলে, তেওঁ সেই দলটোকেই প্ৰতাৰণা কৰিলে। অৱশেষত তেওঁ গৈ বিজেপিৰ কোলাত আশ্ৰয় ল’লে বুলি সঞ্জয় সিঙে কটাক্ষ কৰে।

উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে ৰাঘৱ চাদ্ধাক ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা আঁতৰোৱা হৈছিল। তাৰ পিছৰে পৰাই তেওঁ বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলি আছিল। তেতিয়া তেওঁৰ স্থানত অশোক মিত্তলক দায়িত্ব দিয়া হৈছিল যদিও এতিয়া তেওঁও বিজেপিত যোগদান কৰিলে। শেহতীয়াকৈ ৰাঘৱে ছ’চিয়েল মিডিয়াত গিগ কৰ্মীৰ অধিকাৰ, জনপ্ৰতিনিধিৰ জবাবদিহিতা আৰু টেলিকম কোম্পানীৰ ৰিচাৰ্জ কেলেংকাৰী আদি বিষয়বোৰ উত্থাপন কৰি যুৱপ্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। কিন্তু আপৰ অভিযোগ আছিল যে ৰাঘৱে প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় কৰে, আৰু সেইবাবেই তেওঁক ৰাজ্যসভাৰ নেতৃত্বৰ পৰা আঁতৰাই দিয়া হৈছিল।

Related News