NORTHEAST NOW (Assamese)
দেশ

চাঞ্চল্য! জাৱৰৰ দ’মত ওলাল ডলাৰ ভৰ্তি বস্তা; বস্তাৰ ভিতৰত ২৩ টা মাৰ্কিন ডলাৰৰ বান্দোল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 9, 2023 9:05 pm
ragpicker found 23 bundles of US dollars

আমেৰিকান ডলাৰ ভৰ্তি এটা বেগ। তাকো এক আৱৰ্জনাৰ দ’মত! বস্তাটোৰ ভিতৰত উদ্ধাৰ হৈছে আমেৰিকান ডলাৰৰ ২৩ টা বান্দোল। এই ঘটনা বাংগালুৰুৰ।

আৱৰ্জনাৰ দ’মত ব্যৱহাৰ উপযোগী দ্ৰব্যৰ সন্ধান কৰা এগৰাকী ব্যক্তিয়ে উদ্ধাৰ কৰে এই বেগটো। যোৱা ১ নৱেম্বৰত চলমান শ্বেইখ নামৰ ব্যক্তিগৰাকীয়ে এই বেগটো উদ্ধাৰ কৰিছিল।

বেগৰ ভিতৰত এই মাৰ্কিন ডলাৰখিনি দেখি আচৰিত হৈ পৰে চলমান শ্বেইখ। ইয়াৰ পিছত ৫ নৱেম্বৰত তেওঁ বাপ্পা নামৰ তেওঁৰ মালিকজনৰ ওচৰলৈ লৈ যায় বেগটো।

তাৰ পিছত বাপ্পাই কালী মোল্লা নামৰ এজন সমাজকৰ্মীৰ সৈতে যোগাযোগ কৰে আৰু আৰক্ষী আয়ুক্তৰ সৈতে এই বিষয়ত কথা পাতে।

আৰক্ষীয়ে এই বেগটো জব্দ কৰি বৰ্তমান তদন্ত আৰম্ভ কৰিছে। স্থানীয় হেব্বাল আৰক্ষী থানাক গোচৰটোৰ তদন্তৰ দায়িত্ব দিয়া হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, উদ্ধাৰ হোৱা ডলাৰখিনিৰ ভাৰতীয় মুল্য প্ৰায় ২৫ কোটি টকা হ’ব।

উদ্ধাৰ হোৱা নোটসমূহ নকল নে আচল, সেয়া নিৰ্ধাৰণ কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।