NORTHEAST NOW (Assamese)
Popular Stories

কেৰালাৰ ৱায়নাডৰ ক্ষতিগ্ৰস্ত অঞ্চলত ৰাহুল-প্ৰিয়ংকাৰ পৰিদৰ্শন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 1, 2024 6:37 pm
কেৰালাৰ ৱায়নাডৰ ক্ষতিগ্ৰস্ত অঞ্চলত ৰাহুল-প্ৰিয়ংকাৰ পৰিদৰ্শন

লোকসভা নিৰ্বাচনত ৱায়নাড সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে ৱায়নাড ভ্ৰমণ কৰিছিল। বৃহস্পতিবাৰে কংগ্ৰেছৰ বিৰোধী নেতাগৰাকীয়ে কান্নুৰ বিমানবন্দৰত অৱতৰণ কৰি ৱায়নাডলৈ ৰাওনা হয়। তেওঁৰ সৈতে আছিল ৱায়নাডৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী ভগ্নী প্ৰিয়ংকা গান্ধী।

আজি কংগ্ৰেছ নেতাগৰাকীয়ে মেপ্পাডিৰ কমিউনিটি হেল্থ চেণ্টাৰলৈ গৈ ভুক্তভোগীৰ সৈতে কথা পাতিছিল। ইয়াৰ পিছত তেওঁলোকে স্থানীয় এখন চিকিৎসালয় আৰু দুটা সাহায্য শিবিৰও পৰিদৰ্শন কৰে। তেওঁলোকৰ লগত আছিল এআইচিচিৰ সাধাৰণ সম্পাদক তথা আলাপ্পুঝাৰ সাংসদ কেচি ভেনুগোপাল।

সম্পূৰ্ণ ধ্বংসপ্ৰাপ্ত ৱায়নাড জিলাত এতিয়ালৈকে প্ৰায় ৩০০ লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। পানী ভাঙি খহি পৰাত ২০০ জন আহত। আন ২৫০ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। ৰাজ্যৰ মুখ্যমন্ত্রী পিনাৰায়ী বিজয়নে আশংকা প্রকাশ কৰিছে যে মুণ্ডক্কাই আৰু চুৰামালাত নিৰুদ্দেশ হোৱা কোনো লোকেই জীয়াই নাই৷ যদিও সেনাই নিৰুদ্দেশক উদ্ধাৰ কৰি যোগাযোগ ব্যৱস্থা স্বাভাৱিক কৰাৰ চেষ্টা চলাইছে।

প্ৰতিকূল বতৰৰ সৈতে যুঁজি উদ্ধাৰ অভিযান চলাবলৈ সংগ্ৰাম কৰি আছে সেনাই। ৰাষ্ট্ৰীয় কাৰিকৰী গৱেষণা সংস্থাৰ পৰা উন্নত সঁজুলি আৰু প্ৰযুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে। ইয়াৰ ভিতৰত আছে এন টি আৰ অ’ৰ ৰেকো ৰেচকিউ চিষ্টেম আৰু ৰিম’ট চেন্সিং ইকুইপমেণ্ট।