NORTHEAST NOW (Assamese)
Popular Stories

GDPক লৈ ৰাহুলৰ আক্ৰমণ, ‘বুজি পোৱা নাই দেশৰ বিকাশ হৈছে নে পতন’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 18, 2020 2:23 pm
Rahul_Gandhi_

দেশৰ অৰ্থনৈতিক দুৰৱস্থা প্ৰসংগত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে।

বুধবাৰে তেওঁ কয় যে দেশৰ আৰ্থিক স্থিতিৰ দুৰৱস্থা দেখি এইটো বুজি পোৱা নাই যে প্ৰধান মন্ত্ৰী মোদীৰ নেতৃত্বত দেশৰ বিকাশ হৈছে নে ধ্বংস হৈছে।

আজি ৰাহুলে টুইটযোগে কয় যে প্ৰথমৰ পৰাই দেশৰ মুঠ ঘৰুৱা উৎপাদন তথা জিডিপি নিম্নগামী আৰু নিবনুৱা সমস্যা চৰম পৰ্যায়ত আছে আৰু এতিয়া আকাশলংঘী মূল্যবৃদ্ধিৰ সমস্যাৰে ভাৰাক্ৰান্ত হৈছে।

বেংকবোৰ সমস্যাত পৰিছে আৰু মানুহৰ ধন বেংকত আৱদ্ধ হৈ আছে বুলিও বিজেপি চৰকাৰক সমালোচনা কৰে।

ৰাহুলে টুইটটোত কয়, ‘বেংক সমস্যাত পৰিছে আৰু জিডিপিও। ইমান বেছি মূল্যবৃদ্ধি আৰু নিৱনুৱা সমস্যা কেতিয়াও হোৱা নাছিল। ৰাইজৰ মনোবল লাহে লাহে ভাঙিব ধৰিছে। উন্নয়ন নে ধ্বংস’।