NORTHEAST NOW (Assamese)
দেশ

মণিপুৰ বিজেপিৰ ঘৃণাৰ ৰাজনীতিৰ প্ৰতীকঃ ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰি ৰাহুল গান্ধীৰ অভিযোগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 14, 2024 6:41 pm
Bharat Jodo Nyay Yatra

আজি মণিপুৰৰ পৰা আৰম্ভ হৈছে কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। ৰাহুল গান্ধীৰ নেতৃত্বত মণিপুৰৰ থৌবালৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা ১৫খন ৰাজ্যৰ মাজেৰে ৬৭০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰি মুম্বাইত অন্ত পৰিব।

আজি যাত্ৰা আৰম্ভ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মণিপুৰত শেহতীয়াকৈ সংঘটিত হোৱা জনগোষ্ঠীয় সংঘৰ্ষক কেন্দ্ৰ কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে। মণিপুৰ বিজেপিৰ ঘৃণাৰ ৰাজনীতিৰ উদাহৰণ বুলি অভিযোগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

Image

নিজ বক্তব্যত বিজেপিক তীব্ৰ আক্ৰমণ কৰি ৰাহুল গান্ধী্যে কয় যে ২৯ জুনৰ পিছত মণিপুৰ আৰু পূৰ্বৰ মণিপুৰ নাছিল। ৰাজ্যখনৰ সকলোতে ঘৃণা বিয়পি পৰিছিল, লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছিল। চকুৰ সন্মুখতে আপোনজনক হেৰুৱাইছিল।

কিন্তু তাৰ পিছতো এতিয়ালৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী মণিপুৰলৈ অহা নাই বুলি মন্তব্য কৰি এই কথাক অত্যন্ত লজ্জাজনক আখ্যা দিয়ে। হয়তো প্ৰধানমন্ত্ৰী মোদী, বিজেপি আৰু আৰএছএছে মণিপুৰক ভাৰতৰ অংগ বুলি নাভাৱে বুলিও তীব্ৰ আক্ৰমণ কৰে গান্ধীয়ে।

Image

 

ৰাহুল গান্ধীয়ে লগতে “মণিপুৰ বিজেপিৰ ৰাজনীতিৰ প্ৰতীক, মণিপুৰ বিজেপি আৰু আৰ এছ এছৰ ঘৃণাৰ প্ৰতীক, মণিপুৰ বিজেপিৰ দৃষ্টিভংগী আৰু আদৰ্শৰ প্ৰতীক” বুলিও অভিযোগ কৰে। তেওঁ লগতে ৰাজ্যখনলৈ শান্তি-সম্প্ৰীতি ঘূৰাই অনাৰো প্ৰতিশ্ৰুতি দিয়ে।

Image

 

উল্লেখ্য যে, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীয়ে যৌথভাৱে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ফ্লেগ অফ কৰে। ইতিপূৰ্বে বিগত বৰ্ষৰ আৰম্ভণিতে ভাৰত জোড়ো যাত্ৰাৰ অন্ত পেলোৱা কংগ্ৰেছৰ এই ভাৰত জোড়ো ন্যায় যাত্ৰা লোকসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।