NORTHEAST NOW (Assamese)
অসম

মোদী-শ্বাহেই শেষ কথা! মুখ্য তথ্য আয়ুক্তৰ নিযুক্তিতো অগ্ৰাহ্য বিৰোধীৰ মতামত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 25, 2026 8:56 am

ৰাজহুৱা মঞ্চৰ পৰা প্ৰায়েই মোডী-শ্বাহে ‘সবকা সাথ সবকা বিকাশ’ৰ মন্ত্ৰ উচ্চাৰণ কৰা শুনা যায়। গণতন্ত্ৰৰ ঢাক-ঢোলো কোবায়। কিন্তু মুখ্য তথ্য আয়ুক্ত (চিআইচি) নিযুক্তিক কেন্দ্ৰ কৰি বৰ্তমানৰ চৰকাৰখনত বিৰোধী দলৰ যে কোনো স্থান নাই সেই কথাটো আকৌ এবাৰ স্পষ্ট হৈ পৰিছে।

জানিব পৰা মতে, ৰাহুল গান্ধীৰ মুখ্য তথ্য আয়ুক্ত নিযুক্তিৰ প্ৰস্তাৱক গুৰুত্বই নিদিলে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গঠিত বাছনি সমিতিখনে। কোনো যুক্তি বা মতামত নুশুনাকৈয়ে শ্বাহৰ পৰামৰ্শ অনুসৰি ৰাজকুমাৰ গোৱেলক এই পদৰ বাবে নিৰ্বাচিত কৰা হয়।

গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰাক্তন আইন সচিব ৰাজকুমাৰ গোৱেলক মুখ্য তথ্য আয়ুক্ত হিচাপে নিযুক্তিৰ পৰামৰ্শ দিছিল। অৱশ্যে যোৱা বছৰৰ ১০ ডিচেম্বৰত এক উচ্চ পৰ্যায়ৰ বৈঠকত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মতানৈক্য প্ৰকাশ কৰিছিল। তেওঁ গোৱেলৰ ঠাইত তিনিটা নাম প্ৰস্তাৱ কৰে।

কংগ্ৰেছ সাংসদগৰাকীৰ পছন্দৰ তালিকাত আছিল প্ৰাক্তন আই এ এছ বিষয়া সুমিতা দাওৰা, ওড়িশা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এছ মুৰলীধৰ আৰু শিক্ষাবিদ ফাইজান মুস্তাফা।

নিযুক্তি প্ৰক্ৰিয়াত উপযুক্ত প্ৰতিনিধিত্বৰ অভাৱ আৰু বৰ্ণ বৈষম্যৰ অভাৱ বুলি তেওঁ দাবী কৰিছিল। শেষত বাছনি সমিতিখনে বিপৰীত মতামতক আওকাণ কৰি গোৱেলকে নিৰ্বাচিত কৰে।