NORTHEAST NOW (Assamese)
অসম

বিজেপিয়ে ঘৃণা বিয়পাই সমাজ খনক ভাগ ভাগ কৰিছে—শিক্ষাৰ্থীৰে মত বিনিময় অনুষ্ঠানত ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 19, 2021 4:37 pm
Ew1MXNUVEAQ1txS-1-750x375

দুদিনীয়া ভ্ৰমণসূচীলৈ অসমলৈ অহা কংগ্ৰেছৰ নেতা ৰহুল গান্ধীয়ে আজি ডিব্ৰুগড়ত অৱতৰণ কৰাৰ পিছতে লাহোৱালৰ মটক চাহ বাগিচা খেলপথাৰত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে।

অতি সৌহাৰ্দপূৰ্ণ পৰিবেশত শিক্ষাৰ্থীৰ সৈতে কৰা মত বিনিময় অনষ্ঠানত ৰাহুল গান্ধীয়ে সামাজিক সংস্কাৰৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ ভূমিকা অপৰিসীম বুলি মন্তব্য কৰাৰ লগতে শাসকীয় বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে বিজেপিয়ে সমাজত ঘৃণা বিয়পাই সমাজ খনক ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।

তেওঁ লগতে কয় যে কোনো ধৰ্মই কাকো ঘৃণা কৰিবলৈ কোৱা নাই।তেওঁ নাগপুৰৰ শক্তিয়ে সমগ্ৰ দেশ খনকে পৰিচালিত কৰিব বিচৰা বুলিও মন্তব্য কৰে।

ৰাহুল গান্ধীয়ে বিজেপিৰ ২৫ লাখ নিবনুৱাক সংস্থাপিত কৰাৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিপৰীতে কংগ্ৰেছে ৫ লাখ নিবনুৱাক কৰ্ম সংস্থাপন দিবলৈ দলে দিয়া গ্যেৰাণ্টিৰ কথাও উল্লেখ কৰে।

উল্লেখ্য নিৰ্বাচনী প্ৰচাৰ বাবে আজি দুপৰীয়া ডিব্ৰুগড়ত উপস্থিত হয় সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী।

শুকুৰবাৰে ডিব্ৰুগড় বিমান বন্দৰৰ পৰা কংগ্ৰেছ নেতাগৰাকীক আদৰণি জনায় কংগ্ৰেছৰ অসমৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিং, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, নগাঁৱৰ কংগ্ৰেছ সাংসদ তথা কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈসহ ৰাজ্যিক কংগ্ৰেছৰ অন্যান্য নেতাসকলে।

কংগ্ৰেছৰ অফিচিয়েল টুইটাৰে প্ৰকাশ কৰা অনুসৰি ৰাহুল গান্ধীয়ে দুদিন ধৰি অসম বিধানসভা ২০২১ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাব।

ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পিছতে ৰাহুল গান্ধীয়ে লোহোৱাল মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে এক মত বিনিমময় অনুষ্ঠানত অংশগ্ৰহণ কৰি

কংগ্ৰেছৰ তাৰকা নিৰ্বাচনী প্ৰচাৰকগৰাকীয়ে লাহোৱাল সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। নিৰ্বাচনী প্ৰচাৰৰ বাবে বিয়লি প্ৰায় ৪২৫ বজাত ডুমডুমাত উপস্থিত হয় ৰাহুল গান্ধী।