NORTHEAST NOW (Assamese)

ৰাহুল গান্ধীয়ে তেওঁৰ ফোনটো তদন্তকাৰী সংস্থাৰ হাতত গতাই দিয়ক, কোনে-কিয় জনালে এই দাবী?

July 23, 2021 5:57 pm · এন ই নাও নিউজ
Updated: July 23, 2021 6:23 pm

ইজৰাইলৰ স্পাইৱেৰ পেগাছাছৰ ফোন টেপিঙৰ ঘটনাই সমগ্ৰ বিশ্বতে জোকাৰণি তুলি থকাৰ সময়তে ভাৰততো বহু লোকৰ ফোন টেপ হোৱা বুলি খবৰ ওলাইছে।

এনে পৰিস্থিতিৰ মাজতে আজি বিজেপিয়ে এইবুলি কয় যে ৰাহুল গান্ধীয়ে যদি তেওঁৰ ফোন টেপ হোৱা বুলি ভাবিছে তদন্তৰ খাতিৰতে ৰাহুলে তেওঁৰ ফোনটো তদন্তকাৰী সংস্থাৰ হাতত গতাই দিব লাগে।

আজি বিজেপিৰ মুখপাত্ৰ ৰাজ্যবৰ্ধন ৰাথোৰে এই প্ৰসংগত মন্তব্য কৰি কয় যে বিজেপি চৰকাৰে কাৰো ফোন টেপ কৰা নাই।

ইমানৰ পিছতো যদি ৰাহুল গান্ধীয়ে ভাবিছে যে তেওঁৰ ফোন টেপ হৈছে তেন্তে তেওঁ তেওঁৰ ফোনটো তদন্তকাৰী সংস্থাৰ হাতত গতাই দিব লাগে।

কংগ্ৰেছে বিজেপি চৰকাৰে গ্ৰহণ কৰা জনকল্যাণকামী আঁচনি সমূহক বিঘ্নিত কৰাৰ বাবে চেষ্টা চলাই আহিছে বুলিও ৰাথোৰে অভিযোগ কৰে।

সেইবাবেই কংগ্ৰেছে সংসদৰ কামকাজ সূচাৰু ৰূপে হ’বলৈ দিয়া নাই বুলিও তেওঁ কয়।

উল্লেখ্য ৰাহুল গান্ধীয়ে তেওঁৰ ফোনটো টপে হোৱা বুলি সন্দেহ প্ৰকাশ কৰি এই সন্দৰ্ভত তদন্ত কৰাৰ কথা কৈছিল।

ৰাহুল গান্ধীৰ এনে দাবীৰ পিছতে আজি বিজেপিয়ে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

Related News