NORTHEAST NOW (Assamese)
Popular Stories

‘পক্ষপাতদুষ্ট আম্পায়াৰ’! পুনৰ নিৰ্বাচন আয়োগক সমালোচনা ৰাহুল গান্ধীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 27, 2025 1:18 pm

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শেহতীয়াকৈ কয় যে, নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ নেতাসকলৰ মতামতক ওপৰৰ পৰা জাপি দিয়াতকৈ গুৰুত্বহে দিয়া উচিত। শনিবাৰে গুজৰাটত কংগ্ৰেছৰ জিলা সভাপতিসকলৰ প্ৰশিক্ষণ শিবিৰত ৰাহুলে কয় যে, গুজৰাট বিজেপিৰ দুৰ্গ। ২০২৭ চনত ৰাজ্যিক নিৰ্বাচন।সেই নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ হলে সংগঠনটোক তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী কৰিব লাগিব।

সংসদত থিয় দি গুজৰাটত বিজেপিক পৰাস্ত কৰিবলৈ ভাৰতীয় মিত্ৰজোঁটে ঐক্যবদ্ধভাৱে যুঁজিব বুলি কৈ ৰাহুলে কাৰ্যতঃ বিজেপিক প্ৰত্যাহ্বান দিছিল। শেহতীয়াকৈ তেওঁ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ৰাজ্যখন পৰিদৰ্শন কৰি দলৰ ভিতৰৰ ‘বিজেপিৰ হৈ কাম কৰা নেতাসকলক দল ত্যাগ কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয়, “এই ৰাজ্যত কংগ্ৰেছত তৃণমূল পৰ্যায়ত বিজেপিৰ হৈ কাম কৰা বহু লোক আছে। দলক তেওঁলোকৰ প্ৰয়োজন নাই।” গতিকে প্ৰদেশ কংগ্ৰেছক শাস্তি দিয়াৰ আভাস লৈ আহিছিল। সেই অনুসৰি শেহতীয়াকৈ কংগ্ৰেছে ৰাজ্যৰ সভাপতিৰ পৰা তৃণমূল পৰ্যায়লৈ নেতৃত্বৰ পৰিৱৰ্তন সাধন কৰিছে। দলৰ ‘পাৰ্টি অৰ্গেনাইজেচন সুজন অভিযান’ত যোগদান কৰি ৰাহুলে জিলা সভাপতিসকলক আশ্বাস দি কয়, “এতিয়ালৈকে কংগ্ৰেছে প্ৰাৰ্থী নিৰ্বাচনত জিলা সভাপতিক গুৰুত্ব দিয়া নাছিল। এতিয়াৰ পৰা দলটোৱে বিপৰীত পথত আগবাঢ়িব। জিলা সভাপতিৰ মতামতক গুৰুত্ব দি প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব।”

লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে মোদী-শ্বাহৰ ৰাজ্যত বিজেপিক পৰাস্ত কৰাটো কিয় প্ৰয়োজনীয় সেই কথাও ব্যাখ্যা কৰে। তেওঁ কয় যে গুজৰাটৰ নিৰ্বাচন আয়োগ দেশৰ ভিতৰতে আটাইতকৈ পক্ষপাতদুষ্ট। গতিকে ইয়াত কংগ্ৰেছ হাৰিছে। তথাপিও সকলোৱে একেলগে যুঁজিব লাগিব। কাৰণ গুজৰাট বিজেপি আৰু আৰএছএছৰ দুৰ্গ। ক্ৰিকেটৰ সৈতে এই সমগ্ৰ ঘটনাক ৰিজাই ৰাহুলে কয়, “যদি কোনো বেটছমেনে বাৰে বাৰে আউট হৈ থাকে তেন্তে প্ৰশ্ন উত্থাপন হয় যে কিয় এনেকুৱা হৈছে। আচলতে পক্ষপাতদুষ্ট ‘আম্পায়াৰ’ থাকিলেহে এইটো হ’ব পাৰে। ইয়াতো এনেকুৱাই হৈছে।”