NORTHEAST NOW (Assamese)
Popular Stories

মহামাৰী ক’ৰ’নাৰ সন্মুখত আত্মসমৰ্পণ কৰিছে প্ৰধান মন্ত্ৰীয়ে মোদীয়ে : ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 27, 2020 12:53 pm
867603-rahul-gandhi-bottlenecks.gif

দেশত ক’ৰ’নাৰ সংক্ৰমণৰ সংখ্যা ৫ লাখ অতিক্ৰম কৰাৰ পিছতেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক চোকা ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি টুইটোত কয়, ‍‘নতুন নতুন অঞ্চললৈ ক’ৰ’নাৰ সংক্ৰমণ ঘটি আছে। ইয়াৰ সমাধানৰ বাবে ভাৰত চৰকাৰৰ হাতত কোনো পৰিকল্পনা নাই‍‘।

তেওঁ লগতে কয় যে প্ৰধান মন্ত্ৰী মৌন। তেওঁ মহামাৰীৰ সন্মুখত নিজকে আত্মসমৰ্পণ কৰিছে আৰু ইয়াৰ পৰিত্ৰাণৰ বাবে মোদী নিশ্চুপ।

উল্লেখ্য যে ভাৰতত ধাৰাবাহিকভাৱে দ্ৰুত গতিত বৃদ্ধি পাই থকা ক’ৰ’নাৰ সংক্ৰমণে চৰকাৰৰ লগতে সাধাৰণ জনতাকো চিন্তিত কৰি তুলিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ১৮,৫৫২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৩৮৪ গৰাকী ৰোগী।

আক্ৰান্তৰ ফালৰ পৰা চাব গ’লে ভাৰতত এটা দিনত ক’ৰ’নাৰ এইটোৱেই সৰ্বাধিক সংখ্যা।

দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৫,০৮,৯৫৩ গৰাকী আৰু মৃত্যু হৈছে ১৫৬৮৫ গৰাকী।

উল্লেখ্য যে দেশত এতিয়া ১,৯৭,৩৮৭ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২,৯৫,৮৮১ গৰাকী ক’ৰ’না মুক্ত হৈছে।

২৬ জুন অৰ্থাৎ শুকুৰবাৰে ১০,২৪৪ গৰাকী ৰোগী সুস্থ হৈ উঠিছে।