NORTHEAST NOW (Assamese)
Popular Stories

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 18, 2025 11:10 am

ৰাহুল গান্ধীয়ে অতি সোনকালে “ভোট চুৰি সম্পৰ্কে প্ৰকাশৰ “হাইড্ৰজেন বোমা লৈ ওলাই আহিম বুলি কোৱাৰ কিছুদিন পাছতে কংগ্ৰেছে ঘোষণা কৰে যে লোকসভাৰ বিৰোধী নেতাগৰাকীয়ে বৃহস্পতিবাৰে (১৮ ছেপ্টেম্বৰ, ২০২৫) সংবাদমেল সম্বোধন কৰে।

১ ছেপ্টেম্বৰত ভোট অধিকাৰ যাত্ৰাৰ সামৰণি অনুষ্ঠানত ভাষণ দি গান্ধীয়ে কৈছিল যে তেওঁৰ দলে অতি সোনকালে “ভোট চুৰি সম্পৰ্কে প্ৰকাশৰ “হাইড্ৰজেন বোমা লৈ ওলাই আহিব আৰু তাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক নিজৰ মুখ দেখুৱাব নোৱাৰিব।

যোৱা মাহত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ তথ্যৰ উদ্ধৃতি দি গান্ধীয়ে কৰ্ণাটকৰ মহাদেৱপুৰা বিধানসভাত জালিয়াতি কৰাৰ জৰিয়তে এক লাখৰো অধিক ভোট “চুৰি হোৱা বুলি দাবী কৰিছিল।

আজি গান্ধীয়ে সংবাদমেলত আন বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক। লগতে ৰাহুল গান্ধীৰ অভিযোগ যে, “কৰ্ণাটকৰ আলণ্ড আসনত কোনোবাই ৬০১৮টা ভোট ডিলিট কৰিবলৈ চেষ্টা কৰিছিল।”

তেওঁ কয়, “এজন বিএলঅ’ই লক্ষ্য কৰিলে যে তেঁওৰ ককাকৰ ভোট ডিলিট হৈ গৈছে। তেঁও গম পালে যে সেয়া চুবুৰীয়া। যেতিয়া তেওঁৰ সৈতে মুখামুখি হ’ল, তেতিয়া চুবুৰীয়াই ক’লে যে তেওঁ ডিলিট কৰা নাই, এই বিষয়েও নাজানে।”

ৰাহুল গান্ধীয়ে ডিলিচন আবেদন দাখিল কৰা গোদাবাই নামৰ ৬৩ বছৰীয়া ব্যক্তিক চিনাকি কৰাই দিয়ে।

ৰাহুল গান্ধীয়ে তেওঁৰ ভিডিঅটো প্লে আউট কৰে যত তেওঁ দাবী কৰিছিল যে ডিলিচন এপ্লিকেচনৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই।

তেওঁ আৰু দেখুৱাইছে যে ভোটাৰক ডিলিট কৰিবলৈ ব্যৱহাৰ কৰা কিছুমান চেল ফোন নম্বৰ ব্যক্তিজনৰ যাৰ বিষয়ে তেওঁ জ্ঞাত নহয়।

নিৰ্বাচন আয়োগৰ জ্ঞাতসাৰে ভোটাৰ তালিকাৰ পৰা কৰ্তন ভোটাৰৰ নাম

কোনো অজ্ঞাত ব্যক্তিয়ে কৰ্ণাটকৰ অলাণ্ডত পৃথক ৰাজ্যৰ পৰা বেলেগ ফোন নম্বৰৰ জৰিয়তে কৰা হৈছিল এই দুষ্কাৰ্য

পুৱা ৪ বজাতে দুগৰাকী ভোটাৰক নাম ডিলিট কৰি নিজৰ নাম সুমুৱাইছিল কোনো ‘অজ্ঞাতে’

কৰ্ণাটকৰ কালাবুৰাগী জিলাৰ আলণ্ড বিধানসভা সমষ্টিত ৫৯৯৪টা ভোট মচি পেলোৱাৰ হৈছিল। ২০২৩ চনত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ফৰ্ম ৭ জাল কৰি ভোটাৰক আঁতৰোৱাৰ প্ৰচেষ্টাৰ সৈতে জড়িত এই গোচৰটো এতিয়াও অমীমাংসিত হৈছে য’ত ইচিআইয়ে এতিয়াও অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ তথ্য দিব পৰা নাই।