NORTHEAST NOW (Assamese)
Popular Stories

তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 24, 2020 2:58 pm
তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব ৰাহুল গান্ধী

ৰাজ্যৰ তিনিবাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা ২৬ নৱেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে অসমলৈ আহিব কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধী।

সোমবাৰে বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ৫.৩৪ বজাত শেষ নিশ্বাস ত্যাগ কৰা কংগ্ৰেছৰ বৰ্ষীয়ান নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাহুলৰ উপৰি জীতেন্দ্ৰ সিং আৰু কে চি বেণুগোপালো আহিব।

অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আজি এই কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে, প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে বৃহস্পতিবাৰে সম্পন্ন কৰা হ’ব। অৱশ্যে বৰ্তমানলৈকে অন্ত্যেষ্টিক্ৰিয়াৰ স্থান নিৰ্ধাৰণ হোৱা নাই।

এই শেষকৃত্য অনুষ্ঠানত ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছৰ আন দুজন শীৰ্ষ নেতা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

স্মৰ্তব্য যে GMCH ৰ পৰা পুৱা ৯:৪০ বজাত প্রাক্তন মুখ্য মন্ত্রী তৰুণ গগৈৰ নশ্বৰ দেহ এখন পুষ্পসজ্জিত বাহনেৰে নিয়া হয়।

ইয়াৰ পৰা পোনে পোনে অনা হয় গগৈৰ দিচপুৰস্থিত চৰকাৰী আৱাস গৃহলৈ। ইয়াৰ পিছত জনতা ভৱন আৰু ৰাজীৱ ভৱনলৈ নিয়া হয় গগৈৰ নশ্বৰ দেহ।