NORTHEAST NOW (Assamese)

১৭ জানুৱাৰীত অসমত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’

January 6, 2024 9:37 am · এন ই নাও নিউজ, গুৱাহাটী

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হ’বলগীয়া “ভাৰত জোড়ো ন্যায় যাত্ৰা” মণিপুৰ আৰু নাগালেণ্ডৰ মাজেৰে অতিক্ৰম কৰি অহা ১৭ জানুৱাৰীত অসমত প্ৰৱেশ কৰিব।

১৪ জানুৱাৰীৰ পৰা মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা যাত্ৰা আৰম্ভ হ’ব “ভাৰত জোড়ো ন্যায় যাত্ৰা”ৰ।

অসমত ১৭খন জিলাত সামৰি ৮৮৩ কিলোমিটাৰ অতিক্ৰম কৰিব “ভাৰত জোড়ো ন্যায় যাত্ৰা”।

অসমত অহা ১৮ৰ পৰা ২৫ জানুৱাৰীৰ ভিতৰত ৮ দিনীয়াকৈ হ’ব এই যাত্ৰা।

ৰাহুল গান্ধীৰ “ভাৰত জোড়ো ন্যায় যাত্ৰা” নাগালেণ্ড হৈ অসমৰ আমগুৰিত প্ৰৱেশ কৰিব।

কংগ্ৰেছ দলে ৰাহুল গান্ধীৰ এই যাত্ৰাক শাসকীয় বিজেপিৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক বঞ্চনাৰ বিৰুদ্ধে অভিযান বুলি অভিহিত কৰিছে।

অহা ২৫ জানুৱাৰীত অসম-পশ্চিমবংগ সীমান্তৰ ধুবুৰীৰ বক্সিৰহাটত এই যাত্ৰাৰ অসম পৰিক্ৰমা সমাপ্ত হ’ব।

‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ই ৬৭ দিনত মুঠ ৬৭০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব।

Related News