NORTHEAST NOW (Assamese)

Karnataka Election result 2023: কৰ্ণাটকত ‘মুমকিন’ নহ’ল মোডী তন্ত্ৰ! নতুন মন্ত্ৰেৰে বাজীমাৎ ৰাহুলৰ

May 13, 2023 12:33 pm · এন ই নাও নিউজ, গুৱাহাটী

‘আমিয়েই জয়ী হ’ম, কোনেও বাধা দিব নোৱাৰে।’ কৰ্ণাটকত ভাৰত জোড়ো যাত্ৰা আগবঢ়াৰ সময়তে ৰাজনৈতিক মহলৰ এটা অংশই এনে মন্তব্যত সঁহাৰি দিছিল। সেই নৱেম্বৰৰ পিছত এই মে’ মাহত কৰ্ণাটকত পোনে পোনে কংগ্ৰেছে যি দিশে আগবাঢ়িছে, তাত এই কথা মানি লোৱাত কোনো সংকোচ নাই যে ৰাহুল গান্ধীয়ে দক্ষিণৰ ৰাজ্যখনত নতুন সংজ্ঞা নিৰ্দ্ধাৰণত সফল হৈছে।

সময়ৰ বঢ়াৰ লগে লগে ফলাফলত কংগ্ৰেছ আৰু বিজেপিৰ মাজত ব্যৱধানো বাঢ়িছে। কংগ্ৰেছৰ আসনৰ সংখ্যা বৃদ্ধি পাইছে। পৰিসংখ্যাই দেখুৱাইছে যে কাৰ্যতঃ স্থবিৰ হৈ পৰিছে মোডীৰ জয়ৰথ।

লগতে পঢ়ক: কৰ্ণাটকত ভোটগণনাৰ মাজতে বিজেপি কাৰ্যালয়লৈ যোৱা মুখ্যমন্ত্ৰী বোম্মাইৰ সন্মুখত সাপ!

কংগ্ৰেছৰ ভিতৰত ইয়াৰ সৰৱ চৰ্চা হ’ব তাত সন্দেহ নাই। শনিবাৰে পুৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে কংগ্ৰেছে এটা ভিডিঅ’ টুইট কৰি ৰাহুল গান্ধীয়ে ছিয়াৰ ‘আনষ্টপেবল’ গীত গোৱাৰ ভিডিঅ’ পোষ্ট কৰে। ডিচি কমিক্স চিনেমাত ৱাণ্ডাৰ উইমেনৰ বেকগ্ৰাউণ্ড স্কোৰ হিচাপে ছিয়াৰ গীতটো ব্যৱহাৰ কৰা হৈছিল। টুইটটোত লিখা আছে, ‘মই অপৰাজেয়, মই আত্মবিশ্বাসী আৰু আজি মই অপ্ৰতিৰোধ্য।’

শেহতীয়া ধাৰই কয় যে কংগ্ৰেছে বিজেপিৰ বিপৰীতে বহু আগবাঢ়িছে। ২২৪খন আসনৰ কৰ্ণাটক বিধানসভাত চৰকাৰ গঠনৰ বাবে ১১৩খন আসনৰ প্ৰয়োজন।  ভাৰত জোড়ো যাত্ৰাত ১৩৬ দিনত ১২ খন ৰাজ্যৰ মাজেৰে ৩৫৭০ কিলোমিটাৰ যাত্ৰা কৰিছিল ৰাহুলে।

কৰ্ণাটকৰ হুবলী-ধাৰৱাদ কেন্দ্ৰীয় সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ জগদীশ ছেত্তাৰ। চিত্তপুৰত আগবাঢ়ি আছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খৰ্গে।

অৱশ্যে ফলাফলৰ ধাৰাৰ পৰা অনুমান কৰিব পাৰি যে সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ আহিব কংগ্ৰেছ। ফলাফলৰ দিনটোৰ আৰম্ভণিৰে পৰা কংগ্ৰেছ আগবাঢ়ি আছে। গতিকে, নিৰ্বাচনী প্ৰচাৰত হিন্দুত্ববাদী অস্ত্ৰৰে ইখনৰ পিছত সিখনকৈ সভা পাতিলেও মোডীৰ যাদুই কাম কৰা নাই বুলি আজি স্পষ্ট হৈ পৰিছে। প্ৰচাৰৰ শেষৰ দহ দিনত ১৭খন সভা অনুষ্ঠিত কৰিছিল মোডীয়ে। কমেও ১০ টা ৰোড শ্ব’ কৰিছিল। গৃহমন্ত্ৰী অমিত শ্বাহো বাদ পৰা নাছিল।

লগতে পঢ়ক: Karnataka Election Result 2023: পুৱাই ১০০তকৈয়ো অধিক আসনত অগ্ৰগতি! কংগ্ৰেছত আনন্দৰ লহৰ

কিন্তু ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ প্ৰভাৱ ৰৈ গ’ল। নিজৰ ৰাজনৈতিক চৰিত্ৰ সলনি কৰি নতুন অৱতাৰৰ ৰূপত ধৰা দিলে ৰাহুলে।

Related News