NORTHEAST NOW (Assamese)
Popular Stories

‘কোমল গাদীত বহা ভিআইপি কৃষক ৰাহুল গান্ধী’; কংগ্ৰেছক আক্ৰমণ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 6, 2020 3:58 pm
index.jpg

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কোমল গাদীত বহা এজন ভিআইপি কৃষক বুলি কটাক্ষ কৰিছে কেন্দ্ৰীয় নাৰী আৰু শিশু কল্যাণ মন্ত্ৰী স্মৃতি ইৰাণীয়ে।

উল্লেখ্য যে, মংগলবাৰে পঞ্চাৱৰ পাটিয়ালাৰ এক জনসভা সম্বোধন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা নতুন কৃষি আইনক তীব্ৰ বিৰোধিতা কৰিছিল।

ৰাহুল গান্ধীৰ দাবী কৰে যে নতুন কৃষি আইনে কৃষকৰ খাদ্য আৰু নিৰাপত্তাৰ পৰিকাঠামোকে ধ্বংস কৰিব।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ তীব্ৰ বিৰোধিতাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ট্ৰেক্টৰত বহি এক বিক্ষোভ প্ৰদৰ্শনো কৰিছিল। ৰাহুল গান্ধীৰ মতে মোদীয়ে এই বিল সংসদত পেচ কৰি কৃষকৰ ওপৰতে আক্ৰমণ কৰিছে।

ইয়াৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক তীব্ৰ বাক্য বাণেৰে কটাক্ষ কৰা পৰলিক্ষিত হৈছে।

গুজৰাটৰ বিজেপিৰ সদৰ কাৰ্যালয়ত সাংবাদিকৰ আগত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়, “তেওঁৰ ক্ষমতালৈ অহাৰ সপোন কোনোদিন সফল নহয়। তেওঁ সংসদীয় ঐতিহ্যকে সন্মান নকৰে।”

মন্ত্ৰী ইৰাণীয়ে ৰাহুল গান্ধীক কটাক্ষ কৰি আৰু কয়, “ৰাহুলে কেতিয়াও এনে এক ব্যৱস্থাক সমৰ্থন নকৰে, যি ব্যৱস্থাই ক্ষুদ্ৰ, প্ৰান্তীয় কৃষকক দালালৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে।”

ইফালে ট্ৰেক্টৰৰ কোমল গাদীত বহি বিক্ষোভ প্ৰদৰ্শন কৰি থকা ৰাহুল গান্ধীৰ ফ’টো চ’ছিয়েল মেডিয়াত ভাইৰেল কৰিছে বিজেপিৰ হৰদীপ সিং পুৰীয়ে।

বিজেপি নেতা গৰাকীয়ে এইটো প্ৰতিবাদ নে বিজ্ঞাপন বুলিও ৰাহুল গান্ধীক কটাক্ষ কৰিছে।