NORTHEAST NOW (Assamese)
Popular Stories

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰৱ ৰাহুল গান্ধী, ক’লে- ‘খৰচা পে চৰ্চা’ কৰাও প্ৰয়োজন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 8, 2021 6:31 pm
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰৱ ৰাহুল গান্ধী, ক’লে- ‘খৰচা পে চৰ্চা’ কৰাও প্ৰয়োজন

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে পুনৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হয়।

গান্ধীয়ে প্রশ্ন কৰে যে যিসময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য কমিবলৈ ধৰিছে, তেনেস্থলত ঘৰুৱা তেলৰ মূল্য কিয় বৃদ্ধি হৈ আছে?

হিন্দীত লিখা এটা টুইটৰ দ্বাৰা তেওঁ এই প্ৰশ্ন উত্থাপন কৰিছে।

চৰকাৰে কৰ আৰোপ কৰাৰ বাবে তেলৰ মূল্য বৃদ্ধি হোৱা বুলি গান্ধীয়ে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কিয় এই বিষয়ে আলোচনা কৰা নাই?

তেলৰ মূল্য বৃদ্ধি হৈ থকাৰ ফলত গাড়ীত তেল ভৰোৱাটো এটা পৰীক্ষাৰ দৰে হৈ পৰিছে বুলি তেওঁ কয়।

আনহাতে, মোডীৰ শেহতীয়া অনুষ্ঠান ‘পৰীক্ষা পে চৰ্চা’ৰ পেৰ’ডি কৰি গান্ধীয়ে কয় যে ‘খৰচা পে চৰ্চা’ও কৰিব লাগে।

অৰ্থাৎ খৰচৰ ওপৰতো চৰ্চা হ’ব লাগে।

উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য কমা সত্বেও ভাৰতৰ ঘৰুৱা মূল্যৰ হাৰ একেধৰণেই আছে।

আনহাতে, কেন্দ্ৰ আৰু ৰাজ্য- উভয় চৰকাৰে কৰ আৰোপ কৰাৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত ভিন ভিন মূল্যত তেল বিক্ৰী কৰা হৈছে।

বৰ্তমান দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৯০.৫৬ টকাৰ বিপৰীতে ডিজেল বিক্ৰী কৰা হৈছে ৮০.৮৭ টকাত।