NORTHEAST NOW (Assamese)
অসম

আম্বানি-আদানিক হাজাৰ হাজাৰ বিঘা মাটি; কিয় হিমন্ত বিশ্ব শৰ্মাক ‘মিনি মোডী’ আখ্যা ৰাহুল গান্ধীৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 2, 2026 4:44 pm

অসমৰ নিৰ্বাচনী যুঁজ তীব্ৰতৰ হৈ পৰিছে। আজি (বৃহস্পতিবাৰে) লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক তুলাধূনা দিয়ে। তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিল্লীৰ পৰা ৰিম’ট কণ্ট্ৰ’লৰ দ্বাৰা পৰিচালিত হয়। হিমন্ত বিশ্ব শৰ্মাক নিয়ন্ত্ৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ঠিক যেনেকৈ নৰেন্দ্ৰ মোডী আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিয়ন্ত্ৰণত চলে।

অসমৰ বৈচিত্ৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাহুলে কয় যে এই ৰাজ্যখন বিভিন্ন পৰিচয়, সম্প্ৰদায় আৰু বিশ্বাসৰ এক অনন্য মিশ্ৰণ। তেওঁৰ মতে, প্ৰতিটো সম্প্ৰদায়ৰ শাসন ব্যৱস্থাত সমান অংশগ্ৰহণৰ অধিকাৰ থাকিব লাগে।

তেওঁ কংগ্ৰেছৰ বিকেন্দ্ৰীকৰণৰ মতাদৰ্শক বিজেপিৰ কেন্দ্ৰীভূত শাসন ব্যৱস্থাৰ সৈতে তুলনা কৰে। ২৪৪এ অনুচ্ছেদ সন্দৰ্ভত তেওঁ কয়, ‘এই বিধানে স্থানীয় জনগোষ্ঠীক আত্মশাসনৰ ক্ষমতা প্ৰদান কৰে আৰু তৃণমূল পৰ্যায়ত সিদ্ধান্ত গ্ৰহণ নিশ্চিত কৰে। ইয়াৰ কৃতিত্ব মই কংগ্ৰেছক দিওঁ।’

বৰ্তমান অসমত বৃহৎ কৰ্পৰেট গোষ্ঠীক বিশাল পৰিমাণৰ মাটি দিয়া হৈছে বুলি অভিযোগ উত্থাপন কৰে ৰাহুলে। তেওঁ বিশেষভাৱে মুকেশ আম্বানী, গৌতম আদানী আৰু ৰামদেৱৰ নেতৃত্বত থকা কোম্পানীসমূহৰ নাম উল্লেখ কৰে।

তেওঁ দাবী কৰে যে কৰ্পৰেট আৰু উদ্যোগিক প্ৰকল্পৰ বাবে হাজাৰ হাজাৰ বিঘা মাটি আবণ্টন দিয়া হৈছে, যিটো স্থানীয় ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী হ’ব পাৰে। এনে নীতিয়ে সাধাৰণ জনতাৰ ভূমি আৰু জীৱিকা বিপন্ন কৰিব পাৰে বুলিও তেওঁ আশংকা প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে শেহতীয়াকৈ নৰেন্দ্ৰ মোদী স্বাক্ষৰিত ভাৰত-আমেৰিকা চুক্তিয়ে দেশৰ কৃষি, শক্তি সুৰক্ষা আৰু তথ্যৰ সাৰ্বভৌমত্বত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। তেওঁৰ মতে, এই চুক্তিয়ে ভাৰতীয় কৃষি খণ্ড বিদেশী প্ৰতিযোগিতাৰ সন্মুখীন হ’ব, যাৰ ফলত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ ভয়াৱহ ক্ষতি হ’ব পাৰে। একে সময়তে তেওঁ শক্তিৰ আমদানিৰ ক্ষেত্ৰত বাহ্যিক প্ৰভাৱ বৃদ্ধিৰ সম্ভাৱনাৰ ওপৰতো আলোকপাত কৰে।

ৰাহুলে আৰু অভিযোগ কৰে যে এই চুক্তিৰ ফলত আমেৰিকাৰ কোম্পানীসমূহৰ পৰা বৃহৎ পৰিসৰৰ ক্ৰয় হ’ব পাৰে, যাৰ ফলত ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায় আৰু এমএছএমই খণ্ডত নেতিবাচক প্ৰভাৱ পৰিব। তেওঁ দাবী কৰে যে এই চুক্তিত ভাৰতে উল্লেখযোগ্য ৰেহাই দিছে, কিন্তু বিনিময়ত কোনো ধৰণৰ স্পষ্ট সুবিধা লাভ কৰা নাই।

ৰাহুলৰ মতে, ‘বাহ্যিক চাপে এই চুক্তি আৰু সামগ্ৰিক নীতি নিৰ্ধাৰণৰ ওপৰত কাম কৰি আছে। ড’নাল্ড ট্ৰাম্পৰ প্ৰভাৱ পৰিছে নৰেন্দ্ৰ মোডীৰ ওপৰত। ট্ৰাম্পে ৰাজহুৱাভাৱে দাবী কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তেওঁক “ছাৰ” বুলি সম্বোধন কৰে, যিয়ে এক বৃহৎ ক্ষমতাৰ ভাৰসাম্যৰ ইংগিত দিয়ে।’

অসমৰ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি ৰাহুল গান্ধীয়ে তেওঁক ‘মিনি মোডী’ বুলি অভিহিত কৰাৰ লগতে তেওঁক দেশৰ অন্যতম দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলিও অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে মুখ্যমন্ত্ৰীগৰাকী সম্পূৰ্ণৰূপে নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ নিৰ্দেশৰ দ্বাৰা পৰিচালিত আৰু স্বতন্ত্ৰভাৱে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে।