NORTHEAST NOW (Assamese)
অসম

অভিজিৎ ৰাভাৰ ঘনিষ্ঠ ৰুণুমা বৰাৰ ঘৰতো তালাচী দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 9, 2020 4:24 pm
Abhijit Rabha

দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই কাৰ্বি আংলঙৰ প্ৰধান মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভাৰ ঘৰত তালাচী চলোৱাৰ এদিন পিছতে তেওঁৰ সহযোগী তথা ৰুণুমা বৰাৰ ঘৰতো তালাচী চলায়।

বৰা জীৱন বীমা নিগমৰ এজেণ্ট আৰু তেওঁৰ ঘৰ জু-নাৰেংগী ৰ’ডৰ পুষ্প এনক্লেভত।

জানিব পৰামতে, অভিযানৰ সময়ত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে ৰুণুমা বৰাৰ ঘৰৰ পৰা বিভিন্ন নথিপত্ৰ আৰু বয়বস্তু জব্দ কৰিছে।

এইবোৰৰ ভিতৰত বেংক পাছবুক আৰু এল আই চিৰ কাগজপত্ৰ ম’বাইল ফ’ন আৰু এখন গাড়ীও আছে।

সূত্ৰসমূহে কয় যে অভিযানকাৰী দলে অভিজিৎ ৰাভাৰ একাউণ্টলৈ পোনপটীয়া লেনদেনৰ তথ্যপ্ৰমাণ পোৱা বুলি দাবী কৰিছে।

লগতে পঢ়ক দুৰ্নীতি নিবাৰক শাখাৰ জালত কাৰ্বি আংলঙৰ প্ৰধান মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভা

ইয়াৰ পূৰ্বে ৭ ফেব্ৰুৱাৰিত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে কাৰ্বি আংলঙৰ প্ৰধান মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভাৰ গুৱাহাটী আৰু ডিফুৰ বাসভৱনত তালাচী চলাইছিল।

ৰাভাৰ বিৰুদ্ধে অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হৈ থকাৰ সময়ত ২০১১ৰ পৰা ২০১৭লৈকে সন্দেহজনক বৃহৎ পৰিমাণৰ নগদ ধন জমাৰ অভিযোগ আছে আৰু এই সন্দৰ্ভত প্ৰশ্ন কৰাৰ পাছত তেওঁৰ ঘৰত তালাচী চলোৱা হয়।

উক্ত সময়ছোৱাত ৰাভাৰ বেংক একাউন্টত ব্যক্তিগত ১ লাখৰ পৰা ৯১ লাখ টকা জমা হোৱাৰ লগতে মুঠ  ৪.১২ কোটিতকৈয়ো অধিক টকা জমা হৈছিল।

দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ প্ৰেছ বিবৃতিমতে, এই জমাৰ উৎস সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত ৰাভাই কৈছিল যে তেওঁ  কামৰূপ জিলাৰ পাজিবিন্ধা গাঁৱত ১৬ বিঘা মাটিত খেতি কৰা ব্ৰুকলি বিক্ৰী কৰি ৪৫লাখ টকা পাইছিল।

ৰাভাই অৱশ্যে বাকী বৃহৎ অংকৰ ধন জমা হোৱাৰ সন্দৰ্ভত কোনো বাখ্যা আগ বঢ়াব নোৱাৰিলে।

তেওঁ লগতে  উক্ত খেতি কৰা মাটি ক্ৰয়ৰ বাবে এগৰাকী স্থানীয় লোকৰ সৈতে হোৱা এখন চুক্তিপত্ৰৰ নথিও দাখিল কৰিছিল।

যেতিয়া এই দাবী পৰীক্ষা কৰা হয়, দেখা গৈছিল যে এয়া মিছা আৰু তেওঁৰ নামত কোনো মাটি নাছিল।

আন সাক্ষ্যই প্ৰমাণ কৰিছে যে তেওঁৰ সেই মাটিত কেতিয়াও ব্ৰুকলি খেতি নাছিল।