NORTHEAST NOW (Assamese)

‘উন্নয়নেই প্ৰথম আৰু শেষ কথা’: সংবিধানৰ খচৰা ৰাজহুৱা কৰিলে ৰাইজৰ দলে

October 17, 2020 1:22 pm · অনিৰ্বান পাঠক
Updated: October 17, 2020 5:22 pm
গুৱাহাটীত শনিবাৰে ৰাইজৰ দলৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

শনিবাৰে দীঘলীপুখুৰীপাৰৰ গৌৰী সদনত ৰাইজৰ দলৰ এখন সংবাদমেল অনুষ্ঠিত হয়। দলৰ আহ্বায়ক ভাস্ক’ ডি শইকীয়াই এই সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত দলটোৱে ইয়াৰ খচৰা সংবিধান ৰাজহুৱা কৰে।

সংবিধানৰ খচৰা ৰাজহুৱা কৰি ভাস্ক’ ডি শইকীয়াই কয়, “উন্নয়ন আৰু বিকাশেই হ’ব ৰাইজৰ দলৰ ৰাজনীতিৰ ভাষা। ৰাইজৰ দলে দৰিদ্ৰতা নিৰ্মূল কৰিব বিচিৰিছো। আমি এখন নতুন অসম গঢ়িব বিচাৰিছো। উন্নয়ন ৰাইজৰ দলৰ প্ৰথম আৰু শেষ কথা।”

খচৰা সংবিধানখন মুঠ ৪৪ পৃষ্ঠাৰ আৰু ইয়াত ২২ টা অনুচ্ছেদ সন্নিবিষ্ট কৰা হৈছে। ৰাইজৰ দলৰ খচৰা সংবিধানত সন্নিবিষ্ট হৈছে দলটোৰ লক্ষ্য-উদ্দেশ্য। অৱশ্যে, দলৰ পতাকা আৰু প্ৰতীক এতিয়াও নিৰ্ধাৰণ হোৱা নাই।

সংবিধানত উদ্দেশ্যৰ অন্তৰ্ভূক্ত হৈছে- ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ আধাৰত গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ বিকশিত কৰা, অধিক ফেডাৰেল ব্যৱস্থাৰ জৰিয়তে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ দিশে অধিক আগুৱাই নিয়া, ৰাষ্ট্ৰব্যৱস্থা তথা সাম্প্ৰদায়িক ফেচিবাদৰ হাতত বিপন্ন হোৱা অসমবাসীৰ পৰিচয় আৰু স্বাৰ্থক সুৰক্ষা দিয়া, বিদেশীমুক্ত অসম গঢ়া, ভাৰতৰ সংবিধানৰ ৩৭‍১-ক অনুচ্ছেদ অনুসৰি অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাকে ধৰি কেইবাটাও গুৰুত্ব পূৰ্ণ বিষয়।

দলটোৱে লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে সংবিধানত দলৰ কৰ্মপন্থাও অন্তৰ্ভূক্ত কৰিছে।

সংবিধান অনুসৰি, দলৰ সদস্য ভৰ্তি হ’বলৈ ১৮ বছৰ বয়সৰ ন্যূনতম সীমা ৰখা হৈছে। সদস্য দুই প্ৰকাৰৰ থাকিব- প্ৰাথমিক আৰু সক্ৰিয় সদস্য।

দলৰ পৰা বিধায়ক বা সাংসদ নিৰ্বাচিত হ’লে দৰমহাৰ ২০ শতাংশ আৰু পেঞ্চনৰ ১০ শতাংশ দলৰ পুঁজিত জমা দিব লাগিব।

দলৰ খচৰা সংবিধান সন্দৰ্ভত ৰাইজৰ মতামত প্ৰকাশৰ আহ্বান জনোৱা হৈছে।

দলৰ ৱেবচাইট – www.raijordal.org ৰ ৭০৯৯০৯৯০০৯ নম্বৰত হোৱাটচ এপৰ জৰিয়তে এই পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে।

সকলো আঞ্চলিক দলক মিত্ৰতাৰ বাবে দলটোৱে পুনৰ আহ্বান জনাইছে।

আনহাতে, এতিয়ালৈ অসম জাতীয় পৰিষদৰ সৈতে কোনো আলোচনা হোৱা নাই বুলি জানিব দিয়ে আহ্বায়ক ভাস্ক’ ডি শইকীয়াই।

সংবাদমেলত আন দুগৰাকী আহ্বায়ক ক্ৰমে-ৰুবুল দাস আৰু জিতুল  ডেকাও উপস্থিত থাকে।

Related News