NORTHEAST NOW (Assamese)
অসম

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 6, 2021 12:12 pm
WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগৰ বাবে প্ৰস্তুত হৈছে ৰাইজৰ দল।

গীতানগৰস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই।

প্ৰথম পৰ্য্যায় আৰু নিৰ্বাচনত মুঠ ১৮ টা সমষ্টিতহে প্ৰাৰ্থী থিয় কৰাব ৰাইজৰ দলে।

প্ৰথম পৰ্য্যায়ত ৪৭ টা সমষ্টিৰ মাত্ৰ ১২ টা আৰু দ্বিতীয় পৰ্য্যায়ত ৩৯ টা সমষ্টিৰ মাত্ৰ ৬ টা সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দলে।

এই আটাইকেইটা সমষ্টিত ৰাইজৰ দলৰ সবল ভেটি থকা বুলি দাবী কৰি শইকীয়াই এই আটাইকেইটা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী জয়ী হ’ব বুলি সদৰী কৰে।

একমাত্ৰ ২১’ৰ নিৰ্বাচনত বিজেপিক বিদায় দিয়াৰ স্বাৰ্থতহে ৰাইজৰ দলে ভেটি শক্তিশালী থকাৰ পাছতো প্ৰাৰ্থী থিয় নকোৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে শইকীয়াই।

অৱশ্যে, পৰৱৰ্তী সংবাদমেলতহে এই ১৮ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব বুলি উল্লেখ কৰে শইকীয়াই।

ইপিনে, বৰ্তমানলৈকে ৰাইজৰ দলৰ প্ৰতীক চিহ্ন মুকলি কৰা নাই ৰাইজৰ দলে।

উল্লেখযোগ্য যে, কালি পৃথকে হোৱা এক সংবাদমেলতে অসম জাতীয় পৰিষদে ১৮ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল।