NORTHEAST NOW (Assamese)

ৰে’ল ভৱনত কোভিড১৯ : দুসপ্তাহৰ ভিতৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে পাঁচজনলৈ

May 25, 2020 7:11 pm · এন ই নাও নিউজ

দেশৰ ৰাজধানী ৰে’ল ভৱনত কৰ্মৰত আৰু এজন ব্যক্তিৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে।

ইয়াৰ লগে লগে ভাৰতীয় ৰে’ল বিভাগৰ মুখ্য কাৰ্যালয়ত যোৱা দুটা সপ্তাহৰ ভিতৰত পাঁচজনলৈ বৃদ্ধি পালে কোভিড১৯ত আক্ৰান্তৰ সংখ্যা।

ৰে’ল ভৱনত কৰ্মৰত এজন জ্যেষ্ঠ বিষয়াৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে।

আক্ৰান্ত বিষয়াজন যোৱা ২০ মে’লৈকে ৰে’ল ভৱনত নিজৰ কৰ্তব্যত উপস্থিত আছিল।

তেওঁৰ সৈতে ঘনিষ্ঠ সংস্পৰ্শলৈ অহা ১৪ জন কৰ্মচাৰীক ইতিমধ্যে কোৱাৰেন্টাইন কৰা হৈছে।

জ্যেষ্ঠ বিষয়াজন ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লগে লগে ৰে’লৱে মুখ্য কাৰ্যায়লত আক্ৰান্তৰ সংখ্যা চাৰি জনলৈ বৃদ্ধি পালে।

যোৱা ১৩ মে’ত ৰে’ল ভৱনত তৃতীয়টো কোভিড১৯ পজিটিভ কেচ পোৱাৰ পিছতে সম্পূৰ্ণ ভৱনটোক চেনিটাইজ কৰাৰ বাবে দুদিন বন্ধ কৰি ৰখা হৈছিল।

১৪ আৰু ১৫ মে’ত চেনিটাইজ কৰাৰ পিছতহে ৰে’ল বিভাগৰ মুখ্য কাৰ্যালয়টো যোৱা ১৭ মে’ৰ পৰা পুনৰ খোলা হৈছিল।

Related News