NORTHEAST NOW (Assamese)
অসম

হানিমুন মাৰ্ডাৰ কাণ্ড! ষড়যন্ত্ৰত সোণমৰ পৰিয়ালো জড়িত; চিবিআইৰ তদন্ত দাবী ৰাজাৰ ভাতৃৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 20, 2025 12:32 pm

সময়ৰ যোৱাৰ লগে লগে হানিমুন মৰ্ডাৰ কাণ্ডৰ একাধিক তথ্য পোহৰলৈ আহিছে। মেঘালয়লৈ গৈ স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে সোণমৰ বিৰুদ্ধে। এই ঘটনাত সোণমকে ধৰি কেইবাজনো লোককো আটক কৰিছে আৰক্ষীয়ে। কিন্তু তদন্তত অসন্তুষ্ট হৈ ৰাজাৰ ভাতৃ বিপিন ৰঘুবংশীয়ে চিবিআইৰ তদন্তৰ বাবে অনুৰোধ জনাইছে।

তেওঁৰ দাবী, শেহতীয়াকৈ সোণমৰ ফোন কথোপকথনৰ অডিঅ’ ৰেকৰ্ডিং পোহৰলৈ আহিছে। ইয়াৰ লগে লগে হত্যাকাণ্ডত তেওঁৰ পৰিয়ালৰ ভূমিকাক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।

ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা একাংশই জামিন লাভ কৰিছে। বিপিনেও বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয়, “আৰক্ষীৰ তদন্তত গাফিলতি হ’ব লাগিব। নহ’লে ইমান সোনকালে জামিন পোৱা সম্ভৱ নহ’লহেঁতেন।”

ইফালে, শুকুৰবাৰে আন এজন অভিযুক্ত চিল’ম জেমছে জামিন লাভ কৰে। সত্ৰ আদালতে তেওঁক ৫ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত জামিন প্ৰদান কৰে। বিশেষ তদন্তকাৰী দলে ৰাটলামত জেমছৰ ঘৰৰ পৰা এডাল সোণৰ হাৰ উদ্ধাৰ কৰিছিল। পিছত গম পোৱা যায় যে সেইডাল ৰাজা ৰঘুবংশীৰ আছিল। লগে লগে জেমছক গ্ৰেপ্তাৰ কৰা হয়।

অভিযুক্তৰ অধিবক্তা দেৱেশ শৰ্মাই কয় যে, “মোৰ ক্লায়েণ্ট এই কাণ্ডৰ সৈতে জড়িত নহয়। মই আপোনালোকক এই কথা জনাইছো।”

স্বামীক হত্যা কৰি মেঘালয়ৰ পৰা ইন্দোৰলৈ পলাই গৈছিল সোণম। বিপিনে দাবী কৰে যে তেওঁ কেইবাবাৰো পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল। পোহৰলৈ অহা কল ৰেকৰ্ডিংৰ উদ্ধৃতি দি তেওঁ কয়, “সোনমৰ সৈতে কোনো ধৰণৰ যোগাযোগ হোৱা নাই। তেওঁৰ পৰিয়ালে বাৰে বাৰে এই কথা কৈছে। সেইটো সঁচা নহয়। সোণমে পাঁচ-ছয়বাৰ কথা পাতিছে। মই ভাবো যোৱা চাৰি সপ্তাহ ধৰি গোবিন্দ আৰু সোণমে কথা পাতিছে। এই ঘটনাৰ সৈতে গোটেই পৰিয়ালটো জড়িত। তেওঁলোকে উকীলৰ সহায়ত জামিন ল’বলৈ চেষ্টা কৰিছে। প্ৰথমে সোণমে ৰাজাক বিশ্বাসঘাতকতা কৰিলে। এইবাৰ তেওঁৰ ভায়েক গোবিন্দইও একে কাম কৰি আছে।”

বিপিনে লগতে কয় যে শেহতীয়াকৈ এজন সাংবাদিকে শ্বিলঙৰ আৰক্ষী বিষয়াৰ বক্তব্য ৰেকৰ্ডিং কৰিছিল। তাতে সেই ব্যক্তিজনে কয় যে সোণমে জেলত থকাৰ সময়ত তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল।