NORTHEAST NOW (Assamese)
অসম

বোকাৰ মাজত বহি শঙ্খ বজায়ো ক’ৰ’ণাৰ পৰা ৰেহাই নাপালে এইগৰাকী সাংসদে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 16, 2020 5:42 pm
pjimage---2020-

বোকাৰ মাজত বহি শঙ্খ বজালেই দূৰতে বিদূৰ হ’ব ক’ৰ’ণা ভাইৰাছ—কিছুদিন পূৰ্বে এই দাবী কৰিছিল এগৰাকী সাংসদে।

তেওঁ বোকাৰ মাজত বহি কিদৰে শঙ্খ বজাব লাগে সেয়াও দেখুৱাই দিছিল।

সাংসদগৰাকীৰ এনে প্ৰতিবিধানে কাৰোৱাক ক’ৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা কৰিব পাৰিছেনে নাই সেয়া জানিব পৰা হোৱা নাই যদিও সাংসদগৰাকী নিজে পিছে এনে উপায় অৱলম্বন কৰিও লাভৱান নহ’ল।

সংসদৰ বৰ্ষাকলীন অধিৱেশন আৰম্ভ হোৱাৰ সময়তে ক’ৰ’ণা ৰোধৰ প্ৰতিবিধান দিয়া ৰাজস্থানৰ চাৱাই মাধোপুৰ সমষ্টিৰ সাংসদ সুখবীৰ সিং জৌনপুৰীয়া ক’ৰ’ণাত আক্ৰান্ত হৈছে।

বিজেপিৰ সাংসদ সুখবীৰ সিং জৌনপুৰীয়াই এই দাবী কৰি কৈছিল যে ক’ৰ’ণা ভাইৰাছ প্ৰতিহত কৰিবলৈ কোনো দৰৱৰ প্ৰয়োজন নাই।

বোকাত বহি শঙ্খ বজালেই ক’ৰ’ণা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে।

সাংসদ গৰাকীয়ে নিজে বোকাৰ মাজত বহি শঙ্খ বজোৱাৰ এটা ভিডিঅ’ও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।

ভিডিঅ’টো চাই বহুতৰে হাঁহিত ৰ’ৱ নোৱাৰা অৱস্থা হৈছিল।

যি ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে বিশ্বৰ বিজ্ঞানী সকলে উদয়াস্ত গৱেষণা অব্যাহত ৰাখিছে সেই ভাইৰাছৰ পৰা হাত সাৰি থকাৰ সহজ উপায় উদ্ভাৱন কৰি চৰ্চাৰ বিষয় হৈ পৰিছিল ৰাজস্থানৰ বিজেপি সাংসদ গৰাকী।

সাংসদ জৌনপুৰীয়াৰ মতে বৰষুণত তিতিলে,বোকাৰে গা লেটিয়াই ল’লে দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু ক’ৰ’ণা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে।

কিছুদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালেও পাপড় খালে ক’ৰ’ণা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে বুলি দাবী কৰিছিল আৰু ইয়াৰ কিছুদিন পিছতে তেওঁ ক’ৰ’ণাত আক্ৰান্ত হৈছিল।