NORTHEAST NOW (Assamese)
অসম

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পুত্ৰ সাংসদ পংকজ সিং ক’ৰ’না প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 2, 2020 10:31 am

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পুত্ৰ তথা নয়ডাৰ সাংসদ পংকজ সিঙৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

মঙলবাৰে সাংসদ পংকজ সিঙে নিজে টুইটাৰ যোগে তেওঁ ক’ৰ’না প’জিটিভ হোৱা বুলি উল্লেখ কৰে।

৪১ বছৰীয়া সাংসদ গৰাকীয়ে বিগত সময়ছোৱাত তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকক ক’ৰ’না পৰীক্ষা কৰিবলৈয়ো আহ্বান জনাইছে।

”ক’ৰ’না ভাইৰাছৰ সাধাৰণ লক্ষণ দেখা দিয়াৰ পাছতে মই ক’ৰ’না পৰীক্ষা সম্পন্ন কৰাও আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি হস্পিটেলত ভৰ্তি হওঁ,” ৰাজনাথ সিঙৰ পুত্ৰ পংকজ সিঙে লগতে কয়।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী অমিত শ্বাহো ক’ৰ’না আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল।

অমিত শ্বাহ ক’ৰ’না মুক্ত হোৱাৰ পাছতো শৰীৰত কিছু দুৰ্বলতাই দেখা দিয়া বাবে পুনৰ দিল্লী এইমছত ভৰ্তি হৈছিল যদিও সম্পুৰ্ণ ৰূপে আৰোগ্য হৈ উঠে।