NORTHEAST NOW (Assamese)
অসম

সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ভবেন ভৰালী ক’ৰ’না প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 21, 2020 8:56 pm
bjp-mp-kamakhya-prasad-tasa_

অসমৰ বিজেপিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ক’ৰ’না প’জিটিভ হোৱা সাংসদ কামাখ্য প্ৰসাদ তাছাক যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে।

বিগত কাৰ্য্যকালত যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা কামাখ্যা প্ৰসাদ তাছা এইবাৰ ৰাজ্যসভাৰ সাংসদ হিচাপে অসমৰ পৰা নিৰ্বাচিত হৈছিল।

তাছা ক’ৰ’না প’জিটিভ হলেও বৰ্তমানলৈ তেওঁৰ শৰীৰ স্বাভাৱিক হৈ আছে বুলি চিকিৎসকে জানিবলৈ দিছে।

ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপৰিও দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভবেন ভৰালীও ক’ৰ’না প’জিটিভ হৈছে।

ক’ৰ’না প’জিটিভ বিধায়ক ভবেন ভৰালীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি য়ুত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

চিকিৎসকে দুয়োগৰাকী নেতাকে চিকিৎসা প্ৰদান কৰি আছে।

উল্লেখযোগ্য যে, অসমত বৰ্তমানলৈ ৮৬০৫২ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ৬৩১২০ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হৈছে।

আনহাতে, ৰাজ্যত এতিয়ালৈ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ২২১ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।