NORTHEAST NOW (Assamese)
অসম

হিন্দী বাধ্যতামূলক কৰা কাৰ্য “সাংস্কৃতিক সন্ত্ৰাসবাদ”ৰ বাহিৰে আন একো নহয়: অজিত কুমাৰ ভূঞা

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী April 11, 2022 4:06 pm

সোমবাৰে এক সংবাদমেল যোগে হিন্দী বাধ্যতামূলক কৰা কাৰ্যক “সাংস্কৃতিক সন্ত্ৰাসবাদ”ৰ বাহিৰে আন একো নহয় বুলি উল্লেখ কৰে সাংসদ অজিত কুমাৰ ভূঞাই। বিজেপিয়ে ভাৰতবৰ্ষৰ ঐক্যত আঘাত সানি দেশখনক টুকুৰা-টুকুৰ কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে।

তেওঁ কয়, “পূৰ্বৰে পৰা আৰ এছ এছৰ হিন্দী, হিন্দু আৰু হিন্দুস্তানীৰ দৰ্শন বিজেপিয়ে প্ৰয়োগ কৰি আহিছে। অসম তথা উত্তৰ-পূবৰ নেতৃত্ব বহু দুৰ্বল। কেৱল দিল্লীৰ কথামতেই সকলোখিনি মানি আহিছে এইখন বিজেপি চৰকাৰে।‘’

ইপিনে জাতীয় দল-সংগঠনসমূহকো সমালোচনা কৰে সাংসদ ভূঞাই।

লগতে পঢ়ক: বামুনীমৈদামৰ পিছত গান্ধীবস্তিত উদ্ধাৰ মৃতদেহ

তেওঁ কয় যে দল-সংগঠন আৰু চৰকাৰৰ দুৰ্বলতাৰ সুযোগ পাইয়ে অমিত শ্বাহে এনে সিদ্ধান্ত ল’ব পাৰিছে।

এই কাৰ্যই অসমীয়া ভাষা সংস্কৃতিক দুৰ্বল কৰি ধ্বংসমুখী কৰিব বুলিও তেওঁ কয়।

আগন্তুক অধিৱেশনত সংসদৰ মজিয়াত এই সমগ্ৰ বিষয় সজোৰে উত্থাপন কৰিব বুলি উল্লেখ কৰি সাংসদ ভূঞাই কয় যে উত্তৰ ভাৰতৰ সংস্কৃতি আমদানি কৰাৰ বাবেই এয়া কৰা হৈছে। এয়া সৰ্বনাশী সিদ্ধান্ত।