NORTHEAST NOW (Assamese)

ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

June 29, 2026 7:46 pm · এন ই নাও নিউজ, গুৱাহাটী

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আঠজন লোকৰ হৈ কোনো অধিবক্তাই আদালতত থিয় নিদিয়ে। সোমবাৰে ফৈজাবাদ বাৰ এছচিয়েশ্যনে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগতে ৰাম মন্দিৰৰ বিষয়ববীয়া চম্পত ৰায়, অনিল মিশ্ৰ আৰু গোপাল ৰাওক তিনি দিনৰ ভিতৰত অযোধ্যা চহৰ এৰি যাবলৈ কঠোৰ সকীয়নি দিয়া হৈছে। যদি তেওঁলোকে এই নিৰ্দেশ মানি চলিবলৈ অস্বীকাৰ কৰে, তেন্তে সমগ্ৰ অযোধ্যা চহৰ অৱৰোধ কৰা হব আৰু মানুহক চহৰখনত প্ৰৱেশ কৰাত বাধা দিয়া হব বুলি অধিবক্তাসকলে স্পষ্ট কৰি দিছে।

বাৰ এছচিয়েশ্যনৰ সাধাৰণ সভাৰ এখন বৈঠকত এই প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়। সংস্থাটোৰ সভাপতি কালিকা প্ৰসাদ মিশ্ৰই কয় যে তেওঁলোকৰ কোনো সদস্যই অভিযুক্তৰ হৈ গোচৰ নলয়। যদি কোনো অধিবক্তাই তথাপিও অভিযুক্তক প্ৰতিনিধিত্ব কৰিব বিচাৰে, তেন্তে তেওঁ প্ৰথমে এখন আবেদন পত্ৰ দিব লাগিব আৰু বাৰ এছচিয়েশ্যনত প্ৰতিজন অভিযুক্তৰ নামত পাঁচ লাখ টকাকৈ জমা দিব লাগিব। এই জমা দিয়া ধনৰাশি গোচৰটোৰ আইনী প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে ব্যৱহাৰ কৰা হব বুলিও তেওঁ জানিবলৈ দিয়ে।

চম্পত ৰায়, অনিল মিশ্ৰ আৰু গোপাল ৰাওৰ নাম বৰ্তমানলৈকে এজাহাৰত উল্লেখ নাই যদিও বাৰ এছচিয়েশ্যনে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই তিনিজনৰ বিৰুদ্ধে বি এন এছ এছৰ ১৫৬ (৩) ধাৰাৰ অধীনত এজাহাৰ দাখিল কৰিবলৈ সংস্থাটোৱে দাবী জনাইছে। প্ৰথমে তেওঁলোকে আৰক্ষীৰ কাষ চাপিব আৰু যদি আৰক্ষীয়ে কোনো ব্যৱস্থা নলয়, তেন্তে আদালতৰ কাষ চাপিব বুলি সিদ্ধান্ত লৈছে। লগতে এই সমগ্ৰ ধন আত্মসাতৰ ঘটনাৰ চিবিআই তদন্ত বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয় আৰু প্ৰয়োজনত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও অধিবক্তাসকলে ঠিক কৰিছে। বাৰ এছচিয়েশ্যনৰ সম্পাদক শৈলেন্দ্ৰ জয়ছোৱালে কয় যে মন্দিৰৰ ধন আত্মসাতৰ ঘটনাই আইনী সমাজৰ আৱেগত গভীৰ আঘাত হানিছে, যাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।

ৰাম মন্দিৰত ভক্তই দান কৰা নগদ ধন আৰু মূল্যৱান সামগ্ৰী গণনা কৰা কামত জড়িত আঠজন লোকক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক ২৯ জুনলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। দেওবাৰে আৰক্ষীয়ে এই আঠোজন অভিযুক্তৰ বাসগৃহত তদন্তৰ খাতিৰত তালাচী চলায়। ইফালে, সংবাদ মাধ্যমৰ ফালৰ পৰা চম্পত ৰায় আৰু অনিল মিশ্ৰৰ পৰা এই বিষয়ে জানিবলৈ চেষ্টা কৰা হৈছিল যদিও কোনো প্ৰতিক্ৰিয়া পোৱা নগল। অৱশ্যে অনিল মিশ্ৰৰ পুত্ৰই তেওঁৰ পিতৃক নিৰ্দোষী বুলি দাবী কৰিছে আৰু তেওঁ মন্দিৰৰ বাবে অহোপুৰুষাৰ্থ কৰিছে বুলি মন্তব্য কৰিছে। আনহাতে, চৰকাৰী নিৰ্দেশৰ কথা উল্লেখ কৰি সোমবাৰে পুৱাৰে পৰা ৰাম মন্দিৰৰ মূল প্ৰৱেশদ্বাৰৰ বাহিৰত সংবাদ মাধ্যমৰ প্ৰৱেশ আৰু বাতৰি সংগ্ৰহ নিষিদ্ধ কৰা হৈছে।

 

Related News