NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ ৰমেশ বায়াসৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 29, 2019 6:52 pm
RAMESHK-660x375

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু ছত্তীশগড়ৰ পৰা সাতবাৰৰ লোকসভাৰ সাংসদ ৰমেশ বায়াসে সোমবাৰে ত্ৰিপুৰাৰ অষ্টাদশ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে।

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জয় কৰোলে ৭২ বছৰীয়া বায়াসক ত্ৰিপুৰাৰ পুৰণি ৰাজভৱনত শপত গ্ৰহণ কৰোৱায়।

ৰাজ্যপালৰ শপত গ্ৰহণ অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ লগতে তেওঁৰ মন্ত্ৰী কেবিনেট আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকল উপস্থিত থাকে। অনুষ্ঠানত সেনা আৰু আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলো উপস্থিত থাকে।

আনহাতে, ৰাজ্যখনৰ বৰ্ষীয়ান নেতা মানিক সৰকাৰকে ধৰি চি পি আই-এম আৰু কংগ্ৰেছৰ নেতা-কৰ্মীসকলে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ পৰা বিৰত থাকে।

ত্ৰিপুৰাৰ নৱ নিৰ্বাচিত ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে বায়াসে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ত্ৰিপুৰাৰ সৰ্বাংগীন উন্নতিৰ বাবে কাম কৰি যাব বুলি মন্তব্য কৰে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ১৯৯৯ চনৰ পৰাই বায়াসৰ সৈতে তেওঁৰ ঘনিষ্ঠতা আছে বুলি উল্লেখ কৰি ত্ৰিপুৰাই ৰাজ্যপাল হিচাপে তেখেতক লাভ কৰি উপকৃত হ’ব বুলি মত প্ৰকাশ কৰে।