NORTHEAST NOW (Assamese)
অসম

সোণোৱাল, হিমন্তক লগত লৈ ডিব্ৰুগড়ত ৰামেশ্বৰ তেলীৰ মনোনয়ন পত্ৰ দাখিল

Posted by: এন ই নাও নিউজ March 22, 2019 6:38 pm
22-03-19 Dibrugarh- BJP Rameshwar Teli nomination filing (4)

ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীয়ে আজি সদল বলে গৈ ডিব্ৰুগড়ৰ নিৰ্বাচনী ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে।

মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেলীয়ে সহস্ৰাধিক দলীয় কৰ্ম-কৰ্তা আৰু সমৰ্থকৰ সৈতে সমদল কৰি আহি মনোনয়ন পত্ৰ দাখিল কৰে। দলীয় কৰ্ম-কৰ্তা সকলৰ লগতে ৰামেশ্বৰ তেলীক সংগ দিয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিব্ৰুগড়ৰ স্থানীয় বিধায়ক তথা জেষ্ঠ বিজেপি নেতা প্ৰশান্ত বৰফুকনে

মনোনয়ন পত্ৰ দাখিলৰ পাছত সংবাদ মাধ্যমৰ আগত সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষৰ দ্ৰুত উন্নয়নৰ যাত্ৰাক নতুন গতি দিয়াৰ বাবে আমি সকলোৱে একেলগে আগবাঢ়ি যাব বুলি মন্তব্য কৰে।

আনহাতে, ৰামেশ্বৰ তেলীয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ জনসাধাৰণক ধন্যাবাদ জ্ঞাপন কৰি পৱন সিং ঘাটোৱাৰৰ লগত প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈয়ে তেওঁ জয়ী হ’ব বুলি কয়।

উল্লেখযোগ্য যে, কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰে নতুন বেংক একাউণ্টৰ নথি-পত্ৰ জমা নিদিয়াৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিলে। ডিব্ৰুগড়ৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ দাখিল নকৰাকৈ উভতি যাব লগা হয় ঘাটোৱাৰ।