NORTHEAST NOW (Assamese)
অসম

আজিৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ল ৰংঘৰ-তলাতল ঘৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 6, 2020 3:15 pm

ক’ৰ’না ভাইৰাছৰ সংহাৰ অব্যাহত থকাৰ মাজতেই আজিৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে ৰংঘৰ-তলাতল ঘৰকে ধৰি বিভিন্ন পৰ্যটন ক্ষেত্ৰ সমূহ।

বিশ্বত মহামাৰী ৰূপ ধৰা ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশত ঘোষণা কৰা লকডাউনৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল দেশৰ পৰ্যটন ক্ষেত্ৰ সমূহ।

কেন্দ্ৰীয় চৰকাৰৰ এক নিৰ্দেশ যোগে আজিৰ পৰা পৰ্যটন ক্ষেত্ৰ সমূহ খুলিবলৈ দিয়া হৈছে।

উল্লেখ্য যে এইবাৰ ব্যতিক্ৰমী ৰূপত প্ৰৱেশ কৰিব লাগিব ৰংঘৰ-তলাতল ঘৰত। পূৰ্বৰ দৰে কাউণ্টাৰত টিকট কাটি সোমোৱাৰ বিপৰীতে  আগতীয়াকৈ অনলাইনযোগে টিকট ক্ৰয় কৰিহে সোমাব পাৰিব।

ৰংঘৰ তলাতল ঘৰত প্ৰৱেশ কৰিবলৈ পৰ্যটকসকলে asi.payumoney.com নামৰ ৱেবছাইটোৰ জৰিয়তে টিকট সংগ্ৰহ কৰিব লাগিব।

ক’ৰ’না সংক্ৰমণৰ পৰা বাচিবলৈ সামাজিক দূৰত্ব মানি চলি এবাৰত ২০ জন ব্যক্তিৰ প্ৰৱেশৰ ব্যৱস্থা কৰিছে পৰ্যটনস্থলী সমূহত।

ইয়াৰ উপৰি প্ৰৱেশৰ পূৰ্বে হাত চেনিটাইজা কৰাৰ লগতে প্ৰতিজন ব্যক্তিৰ থাৰ্মেল স্কেনিঙৰো ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে পূৰাতত্ব বিভাগে।