NORTHEAST NOW (Assamese)
অসম

ৰঙিয়াৰ তৰণীৰ ৰাস মহোৎসৱ লোকে লোকাৰণ্য,দুদিনলৈ বৃদ্ধি ৰাস মহোৎসৱ

Posted by: দীপক কুমাৰ পাঠক, বাক্সা Updated by: দীপক কুমাৰ পাঠক, বাক্সা November 24, 2021 3:39 pm

কামৰূপ জিলাৰ তৰণীত অনুষ্ঠিত ৰাস মহোৎসৱত লোকে লোকাৰণ্য হৈ পৰিছে।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে এই ৰাস মহোৎসৱত ।

নলবাৰীত এদিনীয়াকৈ ৰাস উদযাপন কৰাৰ বাবে ৰাইজে এইবাৰ ঢাপলি মেলিছে তৰণীৰ ৰাস মহোৎসৱলৈ।

সুন্দৰ আলোক সজ্জাই দৃষ্টিনন্দক কৰি তুলিছে ৰাস উদযাপনথলী।

৭ দিনীয়াকৈ অনুষ্ঠিত তৰণীৰ ৰাস মহোৎসৱৰ ২৪ নৱেম্বৰত সামৰণি পৰাৰ কথা আছিল।

ভক্তপ্ৰাণ ৰাইজৰ বিপুল সহাঁৰি দেখি দুদিন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে ৰাস উদযাপন সমিতিয়ে ।

দুদিন বৃদ্ধিৰ পিছত ২৬ নৱেম্বৰত সামৰণি পৰিব এই ৰাস মহোৎসৱৰ।