NORTHEAST NOW (Assamese)
অসম

অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসক গোলাঘাটত ক’লা পতাকা প্ৰদৰ্শন

Posted by: ঋতুপল্লব শইকীয়া Updated by: ঋতুপল্লব শইকীয়া February 27, 2020 8:00 pm
Ranjeet Dass at Golaghat

এখন সাংগঠনিক সভাত উপস্থিত থাকিবৰ বাবে আজি গোলাঘাটলৈ যোৱা অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসক আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে ক’লা পতাকা প্ৰদৰ্শন কৰে।

ক’লা পতাকা প্ৰদৰ্শনৰ সময়ত সভাপতি দাসক মটৰচাইকেল ৰেলিৰে দলীয় কৰ্মীসকলে ৰঙাজানৰ পৰা আদৰি আনি আছিল।

প্ৰতিবাদকাৰীসকলে দাসৰ হুদ খোলা গাড়ীখন চিভিল হস্পিটেলৰ সন্মুখতে আগচি ধৰে আৰু ক’লা পতাকা জোকাৰে আৰু “বিজেপি গ’ বেক” ধ্বনি দিয়ে।

আনহাতে আৰক্ষীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰা ১১জন প্ৰতীবাদকাৰীক আটক কৰি গোলাঘাট থানালৈ লৈ যায়।

আৰক্ষীয়ে আটক কৰাসকল হ’ল :- প্ৰিন্স দলে (আছু), নিকুঞ্জ মেধি (অ: জা: যু: ছা: প:), আব্দুল হাছিম (অ: জা: যু: ছা: প:), বিতোপন গগৈ (আছু), সঞ্জীৱ গগৈ (আছু), পাৰ্থ ফুকন (আছু), দিগন্ত কোঁৱৰ (আছু), অভিনন্দন বৰা (আছু), প্ৰিয়ামণি বৰুৱা (আছু), মঞ্জিল ৰহমান (আছু) আৰু অংকুৰ বৰা (আছু)।

বাতৰি লিখা পৰলৈকে আটকাধীন লোকসকলক আৰক্ষীয়ে এৰি দিয়া নাই।

উল্লেখ কৰিব পাৰি যে শেহতীয়াকৈ অসম বিজেপিৰ সভাপতিজন য’লৈকে গৈছে ত’তে ক’লা পতাকাৰ সন্মুখীন হৈ আহিছে।