NORTHEAST NOW (Assamese)
অসম

অসম-চত্তিছগড়ৰ ৰঞ্জী খেল ড্ৰ; প্ৰথম ইনিংছৰ অগ্ৰগতিৰ ভিত্তিত অসমৰ তিনি পইণ্ট অৰ্জন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 15, 2020 5:11 pm
Ranji-trophy-cricket-match-Assam-vs-Uttarakhand-750x375

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অসম আৰু চত্তিছগড়ৰ মাজত অনুষ্ঠিত হোৱা ৰঞ্জী ট্ৰফীৰ এলিট গ্ৰুপ-চিৰ  খেল খন ড্ৰ ৰূপে সামৰণি পৰে।

খেলখন ড্ৰ ৰূপে সামৰণি পৰিলেও প্ৰথম ইনিংছত অগ্ৰগতিৰ ভিত্তিত গুৰুত্বপূৰ্ণ ৩ পইণ্ট অৰ্জন কৰে অসমে।

ঘৰুৱা দৰ্শকৰ সন্মুখত অনুষ্ঠিত হোৱা খেলখতন অসমে টছত জয়ী হৈ প্ৰথমে চত্তিছগড়ক বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনায়।

চত্তিছগড়ে প্ৰথম ইনিংছত অমনদ্বীপ খাৰেৰ শতৰান (১০৫)ৰ সহায়ত, শশাংক সিং আৰু অধিনায়ক হৰপ্ৰীত সিঙৰ অৰ্ধ শতৰাণৰ সহায়ত আটাইকেইটা উইকেট হেৰুৱাই ৩১৮ ৰান সংগ্ৰহ কৰে।

অসমৰ হৈ প্ৰথম ইনিংছত বলিঙত ৰঞ্জিত মালীয়ে চাৰিটা, ৰিয়ান পৰাগ আৰু অৰুপ দাসে তিনিটাকৈ উইকেট দখল কৰে।

চত্তিছগড়ৰ প্ৰথম ইনিংছৰ ৩১৮ ৰানৰ প্ৰত্যুত্তৰত অসমে নিজৰ প্ৰথম ইনিংছত অধিনায়ক গকুল শৰ্মাৰ শতৰাণ (১২৯) আৰু ঋষভ দাস (৯৯), চাহিল জৈন (৮৮) আৰু ৰিয়ান পৰাগ (৬০)ৰ অৰ্ধশতকীয় ইনিংছৰ সহায়ত ৯ উইকেটত ৪৬৪ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে।

প্ৰথম ইনিংছত পাছপৰি লোৱা চত্তিছগড়ে নিজৰ দ্বিতীয় ইনিংছত পাঁচটা উইকেট হেৰুৱাই ২৫২ ৰান সংগ্ৰহ কৰাৰ সময়তে খেলখন ড্ৰ ৰূপে সামৰণি পৰে।

প্ৰথম ইনিংছত অৰ্ধশতৰাণ অৰ্জন কৰা চত্তিছগড়ৰ অধিনায়ক হৰপ্ৰীত সিঙে দ্বিতীয় ইনিংছত চমৎকাৰ শতকীয় ইনিংছ দলক উপহাৰ দিয়ে।

অসমৰ হৈ দ্বিতীয় ইনিংছত যুৱ অলৰাউণ্ডাৰ ৰিয়ান পৰাগে তিনিটা উইকেট দখল কৰে।

খেলখন ড্ৰ হ’লেও প্ৰথম ইনিংছৰ অগ্ৰগতিৰ ভিত্তিত অসমে তিনি পইণ্ট অৰ্জন কৰে। অসমৰ বাবে এই তিনি পইণ্ট যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।