NORTHEAST NOW (Assamese)

বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

August 19, 2025 6:29 pm ·

ৰাজস্থানৰ ৰন্থামবৌৰ ৰাষ্ট্ৰীয় উদ্যান। দুঃসাহসিক অভিযানৰ সপোন লৈ বাঘৰ দেশ বুলি জনাজাত এই উপত্যকাত এদল পৰ্যটকে ভৰি দিলে। কিন্তু সেই সপোন এটা ভয়ংকৰ অভিজ্ঞতালৈ পৰিণত হল।

সোমবাৰে সন্ধিয়া ৰাজস্থানৰ ৰন্থামবৌৰ ৰাষ্ট্ৰীয় উদ্যানৰ ৬নং জনত ছাফাৰীৰ সময়ত তেওঁলোকৰ গাড়ীখন হঠাতে বিকল হৈ পৰে। প্ৰায় ডেৰ ঘণ্টা ধৰি গভীৰ হাবিত আবদ্ধ হৈ থাকিব লগা হৈছিল।

আটাইতকৈ আচৰিত কথাটো হল যে গাইডজনে তেওঁলোকক ‘সহায় কৰাৰ প্ৰতিশ্ৰুতি দি গাড়ীৰ পৰা নামি আহিল, কিন্তু কেতিয়াও ঘূৰি নাহিল। পৰ্যটকসকলে অভিযোগ কৰে যে গাইডজনৰ আচৰণ অতি গৰম মেজাজৰ আছিল, আৰু তেওঁ তেওঁলোকক অকলে এৰি পলাই গৈছিল।

এই অঞ্চলটো বাঘ, নাহৰফুটুকী, ভালুক, আনকি ঘৰিয়ালৰ বাবেও বিখ্যাত। গধূলিৰ পৰা ৰাতিলৈকে এনে এটা অঞ্চলত আবদ্ধ হৈ থকাটো এটা দুঃস্বপ্নতকৈও বেয়া ভয়ংকৰ অভিজ্ঞতা।

চিয়েল মিডিয়াত বিয়পি পৰা এই ভিডিঅটো দেখি ক্ষুব্ধ হৈ পৰিছে নেটিজেনসকল। বহুতে নিজৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি লিখিছে যে, ইয়াৰ আগতেও বিভিন্ন ঠাইত এনে গাফিলতি ঘটিছে।

ঘটনাৰ পিছতে ৰন্থামবোৰ বাঘ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক তথা মুখ্য বনাঞ্চল সংৰক্ষক অনুপ কে আৰয়ে কয়, ‘পৰ্যটকৰ সুৰক্ষা আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ।এই ঘটনাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব।’

Related News