NORTHEAST NOW (Assamese)
দেশ

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 17, 2025 4:20 pm

ওড়িশাৰ ধেনকানালৰ এখন আশ্ৰমৰ প্ৰধান পুৰোহিতক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

অভিযোগ অনুসৰি ধৰ্ষণৰ বিষয়ে মুখ খুলিলে তাৰ পৰিণাম ভাল নহব বুলিও মহিলাগৰাকীক ভাবুকি দিছিল পুৰোহিতে।

অভিযোগ অনুসৰি, যোৱা ৪ আগষ্টৰ নিশা মহিলাগৰাকী আশ্ৰম কোঠাত শুই আছিল। সেই সময়ত প্ৰধান পুৰোহিতগৰাকীয়ে তেওঁৰ কোঠাত প্ৰৱেশ কৰি দুৱাৰত বন্ধ কৰি দিয়ে। অভিযোগ অনুসৰি তেওঁক ধৰ্ষণ আৰু প্ৰহাৰ কৰা হয়।

ঘটনাৰ পিছতে মহিলাগৰাকীয়ে থানাত এফআইআৰ দাখিল কৰে। এই ঘটনাক লৈ প্ৰতিবাদ কৰাৰ সময়ত পুৰোহিতে তেওঁক গালি-গালাজ আৰু অপমান কৰা বুলি অভিযোগ কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

শনিবাৰে প্ৰধান পুৰোহিতগৰাকীক ধৰ্ষণ আৰু নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। পিছত আদালতত ন্যায়াধীশে তেওঁক ১৪ দিনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

ধেনকানাল জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সূৰ্যমণি প্ৰধানে কয় যে সমগ্ৰ ঘটনাৰ তদন্ত এতিয়াও অব্যাহত আছে।

অভিযুক্ত পুৰোহিতজনৰ বয়স ৪৭ বছৰ। আদালতলৈ নিয়াৰ সময়ত তেওঁ নিজকে নিৰ্দোষী বুলি দাবী কৰিছিল। তেওঁ অভিযোগ কৰে যে ইচ্ছাকৃতভাৱে একাংশ লোকে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে জনোৱা মতে, তদন্ত সম্পূৰ্ণ নোহোৱালৈকে আশ্ৰমখনৰ লগতে জড়িতসকলৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হ’ব।