NORTHEAST NOW (Assamese)
Popular Stories

চাৰি দশকৰ আইনী যুঁজৰ অন্তত জয়ী হ’ল ধৰ্ষণৰ পীড়িতা! ৪০ বছৰৰ পাছত উচ্চতম ন্যায়ালয়ে দিলে ন্যায়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 20, 2025 10:33 am

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ৰাজস্থানৰ এক ধৰ্ষণৰ গোচৰত নিম্ন ন্যায়ালয়ৰ ৰায়ক সমৰ্থন কৰে। উচ্চতম ন্যায়ালয়ে এই ৰায়দান দিয়াৰ আগতেই চল্লিশ বছৰীয়া আইনী যুদ্ধ পাৰ হৈ গল।

১৯৮৬ চনত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড। সেই সময়ত অভিযুক্ত কিশোৰী আছিল।তেঁও মধ্যবয়সত ন্যায় লাভ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ দুই ন্যায়াধীশ বিক্ৰম নাথ আৰু সঞ্জয় কেৰলে এই সম্পৰ্কীয় গোচৰত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ৰায়ক তীব্ৰ সমালোচনা কৰি কয় যে উচ্চ ন্যায়ালয়ৰ ভুলৰ বাবে মহিলাগৰাকীয়ে ন্যায়ৰ বাবে ৪০ বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল।

ৰাজস্থানৰ ধৰ্ষণ কাণ্ডৰ বাবে নিম্ন আদালতে বিশ বছৰীয়া যুৱক এজনক সাত বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল অভিযুক্ত। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কয় যে আদালতৰ দীঘলীয়া প্ৰক্ৰিয়াৰ বাবে গোচৰটো বহু বছৰ ধৰি বিচাৰাধীন হৈ আছিল।

দীৰ্ঘদিনীয়া যুঁজৰ অন্তত যেতিয়া এই গোচৰৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰা হয়, তেতিয়া উচ্চ ন্যায়ালয়ে কয় যে নিম্ন ন্যায়ালয়ৰ ৰায় শুদ্ধ নহয়। কাৰণ ভুক্তভোগীয়ে ন্যায়াধীশৰ প্ৰশ্নৰ উত্তৰ নিদিলে। তেঁও মাথোঁ কান্দিলে। যেতিয়া ধৰ্ষিত মহিলাগৰাকীয়ে নিজেই আদালতত থিয় হৈ অভিযুক্তৰ বিৰুদ্ধে একো নকয় তেতিয়া অভিযুক্তক নিৰ্দোষী বুলি কব পাৰি।

নিৰুৎসাহিত নহৈ ভুক্তভোগী মহিলাগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল। ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ আশ্চৰ্য্য প্ৰকাশ কৰিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে কয় যে ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীয়ে হয়তো মানসিক অস্থিৰতাৰ বাবে আদালতত প্ৰশ্নৰ সঠিক উত্তৰ নিদিলে। কিন্তু অভিযুক্তৰ বিৰুদ্ধে অন্যান্য প্ৰমাণে স্পষ্টকৈ দেখুৱাইছে যে তেওঁ অপৰাধ সংঘটিত কৰিছিল। উচ্চতম ন্যায়ালয়ে কয় যে উচ্চ ন্যায়ালয়ে ভুক্তভোগীৰ মানসিক অস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিছিল। উচ্চতম ন্যায়ালয়ে অভিযুক্তৰ দোষী সাব্যস্ত হোৱাৰ কথা দাখিল কৰে।