NORTHEAST NOW (Assamese)
Popular Stories

বলীউদী গায়ক বাদশ্বাহক ভুল পথত গাড়ী চলোৱাৰ বাবে জৰিমনা যান-বাহন আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 17, 2024 3:16 pm

বলীউদৰ ৰেপাৰ-গায়ক বাদশ্বাহক গুৰুগ্ৰাম যান-বাহন আৰক্ষীয়ে পথৰ ভুল ফালে গাড়ী চলোৱাৰ বাবে জৰিমনা বিহিছে। যোৱা ১৫ ডিচেম্বৰত পঞ্জাবী কণ্ঠশিল্পী কৰণ আউজলাৰ ছেক্টৰ ৬৮ত কনচাৰ্টত অংশগ্ৰহণ কৰাৰ পাছতে এই ঘটনা সংঘটিত হয়।

যান-বাহন আৰক্ষীয়ে ১৫,৫০০ টকাৰ জৰিমনা জাৰি কৰি চিচিটিভিৰ ফুটেজ নিজৰ দখললৈ লৈছে, যাৰ সহায়ত বাদশ্বাহৰ কনভয়ৰ অংশ হিচাপে থকা আন বাহনসমূহ চিনাক্ত কৰা হৈছে।

যদিও উলংঘাৰ সৈতে জড়িত বাহনখন বাদশ্বাহৰ নামত পঞ্জীয়ন হোৱা নাছিল, তথাপিও গাড়ীখনত আছিল গায়কজন।

উল্লেখ্য যে, যোৱা ১৫ ডিচেম্বৰত গুৰুগ্ৰামৰ আইৰিয়া মলত অনুষ্ঠিত হৈছিল কৰণ আউজলাৰ কনচাৰ্ট। কনচাৰ্টত বাদশ্বাহ, বৰুণ ধাৱন, কৃষ্ণাৰ দৰে কেইবাগৰাকীও শিল্পী বিশেষভাৱে উপস্থিত থাকে।