NORTHEAST NOW (Assamese)
Popular Stories

পঞ্চতাৰকাযুক্ত হোটেলত উদ্ভণ্ডালি! আমেৰিকান ৰেপাৰ ট্ৰেভিছ স্কটক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 9, 2024 5:04 pm
পঞ্চতাৰকাযুক্ত হোটেলত উদ্ভণ্ডালি! আমেৰিকান ৰেপাৰ ট্ৰেভিছ স্কটক গ্ৰেপ্তাৰ

শুকুৰবাৰে পেৰিছৰ বিলাসী জৰ্জ পঞ্চম হোটেলত উদ্ভণ্ডালি কৰা বাবে গ্ৰেমী বঁটাৰ বাবে মনোনীত ৰেপাৰ তথা গায়ক ট্ৰেভিছ স্কটক গ্ৰেপ্তাৰ কৰা হয়।

পেৰিছৰ ৰাজহুৱা অভিযুক্ত কাৰ্যালয়ৰ বিবৃতিত কোৱা হৈছে যে ৯ আগষ্ট শুকুৰবাৰে পুৱাই ‘ফেইন’ গায়কজন আৰু এজন নিৰাপত্তাৰক্ষীৰ মাজত হোৱা কাজিয়া ভাঙিবলৈ হোটেলখনলৈ আৰক্ষীক মাতি অনাৰ পাছতে ৩৩ বছৰীয়া ট্ৰেভিছ স্কটক গ্ৰেপ্তাৰ কৰা হয়।

ট্ৰেভিছ আৰু নিজৰ দেহৰক্ষীৰ মাজত চলি থকা কাজিয়াত হস্তক্ষেপ কৰিছিল হোটেলৰ নিৰাপত্তাৰক্ষীগৰাকীয়ে। এই সন্দৰ্ভত অধিক সবিশেষ প্ৰকাশ পোৱা নাই যদিও আৰক্ষীয়ে এতিয়াও বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে বুলি বিবৃতিটোত আৰু কোৱা হৈছে।

২০২৪ চনৰ চলি থকা অলিম্পিকৰ বাবে পেৰিছত আছিল ট্ৰেভিছ। বৃহস্পতিবাৰে নিশা পুৰুষৰ বাস্কেটবলৰ ছেমিফাইনেলত ছাৰ্বিয়াৰ বিৰুদ্ধে আমেৰিকাৰ ৰেলীত অংশ লৈছিল তেওঁ।

উল্লেখ্য যে, ২০২৪ চনৰ জুন মাহত ফ্ল’ৰিডাৰ এখন ইয়টত হুলস্থূলৰ পাছত ট্ৰেভিছ স্কটক ‘মদ্যপান আৰু ট্ৰেছপাছিং’ৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল বুলি চিএনএনে প্ৰকাশ কৰিছে।