NORTHEAST NOW (Assamese)

আৱিষ্কাৰ হীৰাতকৈও মূল্যৱান প্লেটিনামৰ খনি, আটাইতকৈ ধনী ৰাজ্যত পৰিণত হ’ব পাৰে অসম

October 10, 2018 7:22 pm · অভীক চক্ৰবৰ্তী
Updated: October 10, 2018 7:24 pm
কাৰ্বি আংলঙত প্লেটিনামৰ সন্ধান পোৱা ড০ দিলীপ মজুমদাৰ। ছবি- নৰ্থ ইষ্ট নাও।

হীৰাতকৈও মূল্যৱান প্লেটিনামৰ খনি আৱিষ্কাৰ হৈছে অসমৰ কাৰ্বি আংলং জিলাত।

আন্তঃৰাষ্ট্ৰীয় বজাৰত অত্যন্ত মূল্যৱান প্লেটিনামৰ খনি আৱিষ্কাৰ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূ-তত্ব বিভাগৰ অধ্যাপক ড০ দিলীপ মজুমদাৰে।

“এই বছৰৰ জানুৱাৰিৰ পৰা আমি কাৰ্বি আংলঙত গৱেষণা কৰি আছো আৰু শেহতীয়াকৈ প্লেটিনামৰ সন্ধান লাভ কৰিছো,” নৰ্থ ইষ্ট নাও-ক জনালে মজুমদাৰে।

সমগ্ৰ পাহাৰ এলেকাটোতে প্লেটিনামৰ বৃ্হৎ ভাণ্ডাৰ থকাৰ “উজ্জ্বল সম্ভাৱনা”ৰ উল্লেখ কৰি মজুমদাৰে কয় যে এই আৱিষ্কাৰে অসমক ভাৰতৰ আটাইতকৈ ধনী ৰাজ্যত পৰিণত কৰিব পাৰে।

“এইটো এটা অতি দুৰ্লভ ধাতুৰ অতি দুৰ্লভ আৱিষ্কাৰ। আমাৰ প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি সমগ্ৰ পাহাৰ এলেকাটোতে প্লেটিনামৰ এক বৃ্হৎ ভাণ্ডাৰ থকাৰ উচ্চ সম্ভাৱনা আছে। আমাৰ অনুমান যদি শুদ্ধ হয়, তেন্তে অসম ভাৰতৰ আটাইতকৈ ধনী ৰাজ্যত পৰিণত হ’ব পাৰে,” প্লেটিনামৰ সন্ধান পোৱাক লৈ উৎফুল্লিত মজুমদাৰৰ মন্তব্য।

কাৰ্বি আংলঙত এই দুৰ্লভ ধাতুবিধৰ সন্ধান পোৱা খনি আৰু ৰাসায়নিক ভূ-তত্ত্বৰ গৱেষক মজুমদাৰে চীন, এমেৰিকা আৰু অষ্ট্ৰেলিয়াতো বিভিন্ন ভূ-তাত্ত্বিক অনুসন্ধানৰ সৈতে জৰিত।

বিশ্ববিদ্যালয়খনৰ ভূ, বায়ুমণ্ডলীয় বিজ্ঞান, পৰিৱেশ আৰু শক্তি বিদ্যালয় (School of Earth, Atmospheric Science, Environment and Energy)ৰ ডিন পদবীতো থকা মজুমদাৰে লগতে কয় যে খালী চকুৰে প্লেটিনাম মনিব নোৱাৰি আৰু তেওঁলোকে ইলেক্ট্ৰন অনুবীক্ষণ (electron microscope)ৰ সহায়ত ধাতুবিধৰ উপস্থিতিৰ সন্ধান লাভ কৰিছে।

প্লেটিনামৰ গহনা আটাইতকৈ মূল্যৱান। হীৰাতকৈয়ো মূল্যৱান এই ধাতুবিধৰ কাঠিন্যৰ বাবে গহনা নিৰ্মাণৰ ক্ষেত্ৰত আটাইতকৈ মূল্যৱানৰূপে ধৰা হয়।

তাৰোপৰি যন্ত্ৰাংশ নিৰ্মাণ, শল্য চিকিৎসা আৰু পৰীক্ষাগাৰৰ বিভিন্ন সঁজুলিতো প্লেটিনাম আৰু ইয়াৰ সংকৰ ব্যৱহাৰ কৰা হয়।

Related News