NORTHEAST NOW (Assamese)
অসম

নুমলীগড়ৰ ইটাভাতাত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 10, 2019 5:35 pm

গোলাঘাট জিলাৰ নুমলীগড়ৰ সমীপৰ এটা ইটাভাতাত আজি দিনৰ ভাগত এটা অতি দুষ্পাপ্য বনৰৌ উদ্ধাৰ হয়।

প্ৰাপ্য তথ্য মতে ইটাভাতাত কাম কৰা শ্ৰমিকে ভাতাৰ চৌহদত বনৰৌতো প্ৰত্যক্ষ কৰি কমাৰগাঁও আৰক্ষী আৰু নুমলীগড় খণ্ড বন কাৰ্যালয়ত অৱগত কৰে।

খবৰ লাভ কৰিয়ে আৰক্ষীৰ দল আৰু বনকৰ্মীৰ দল গৈ ইটাভাতাত উপস্থিত হৈ বনৰৌতো উদ্ধাৰ কৰে।

আনহাতে বনৌৰৰ উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ লগে লগেই বনৰৌ চাবলৈ ইটাভাতাত যথেষ্ট সংখক ৰাইজৰ সমাগম দেখিবলৈ পোৱা যায়।

পাছত নুমলীগড়ৰ খণ্ড বন কাৰ্যালয়ৰ কৰ্মীয়ে বনৰৌতো উদ্ধাৰ কৰি চিকিৎসাৰ বাবে কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰে।