NORTHEAST NOW (Assamese)
Popular Stories

IPL 2024: অথলে গ’ল ৰিয়ানৰ বিস্ফোৰক ইনিংছ; ৰুদ্ধশ্বাস মেচত গুজৰাটৰ জয়ৰ নায়ক ৰছিদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 11, 2024 8:23 am

ৰুদ্ধশ্বাস মেচত জয়ী হ’ল গুজৰাট টাইটানছ। একেৰাহে দুখন মেচত পৰাস্ত হোৱা দলটোৱে শেষ মুহূৰ্তত পৰাজিত কৰিলে তালিকাৰ শীৰ্ষস্থানত থকা দলটোক। ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰত বল নহয় বেটেৰে নায়ক হৈ পৰিল ৰছিদ খান। শুভমন গিলৰ দলটোৱে তেওঁৰ ইনিংছৰ বাবেই খেলখনত জয়লাভ কৰে। তালিকাৰ শীৰ্ষত থকা ৰাজস্থানে চলিত আই পি এলত প্ৰথমবাৰৰ বাবে পৰাজয়ৰ সোৱাদ পালে।

বুধবাৰে জয়পুৰৰ স্বোয়াই মান সিং ষ্টেডিয়ামত বৰষুণৰ বাবে পলমকৈ খেল আৰম্ভ হয়। গুজৰাটে টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লয়। পাৱাৰ প্লে’ত গুজৰাটৰ বলাৰসকলে দুৰ্দান্ত ফৰ্মত থকা যশস্বী জয়ছৱাল আৰু জোছ বাটলাৰক ঘূৰাই পঠিয়ায়।

মাত্ৰ ৪২ ৰানত দুটা উইকেট হেৰুওৱা ৰাজস্থানৰ ইনিংছ আগবঢ়াই নিয়াৰ দায়িত্ব চম্ভালে অধিনায়ক সঞ্জু চেমছনে। সহযোগী আছিল ৰিয়ান পৰাগ। দুয়োজনে অৰ্ধশতক অৰ্জন কৰে।

ৰিয়ান পৰাগে পুনৰ এক দুৰ্দান্ত ইনিংছ খেলে। ৰিয়ানে ৪৮ টা বলত ৭৬ ৰাণ কৰে। তেওঁ ইনিংছত ৩টা চাৰি আৰু ৫টা ছয় মাৰে। শেষত শ্বিমৰন হেটমায়াৰে ৫টা বলত ১৩ ৰান সংগ্ৰহ কৰে। বিশ অভাৰৰ শেষত ৰাজস্থানে ১৯৬ ৰান সংগ্ৰহ কৰে।

গুজৰাটে ৰান অনুসৰণ কৰি বেয়া আৰম্ভণি কৰা নাছিল। কিন্তু সাই সুদৰ্শন, মেথিউ ৱেডে সেনকালেই আউট হৈ যায়। ইফালে অধিনায়ক গিলে এটা মূৰে ইনিংছ গঢ়াৰ কাম কৰিছিল। গিলে মাত্ৰ ৪৪টা বলত ৭২ ৰানৰ এটা দৰ্শনীয় ইনিংছ খেলে। তেওঁ ছয়টা চাৰি আৰু ২ টা ছয় মাৰে। কিন্তু ১৬ নং অভাৰত যেতিয়া গিল পেভলিয়নলৈ ঘূৰি গৈছিল, তেতিয়া গুজৰাট শিবিৰত পৰাজয়ৰ শংকা দেখা গৈছিল।

কিন্তু তেতিয়াও আশা এৰি দিয়া নাছিল দুগৰাকী বেটছমেনে। ৰাহুল তেৱাটিয়া আৰু ৰছিদ খানে শেষ ৰক্ষাৰ যুঁজ অব্যাহত ৰাখিল। মুঠ ৭টা বাউণ্ডেৰী মাৰি দলটোক জয়ৰ দুৱাৰমুখলৈ আনি হঠাতে আউট হৈ যায় তেৱাটিয়া । শেষ বলটোত ২ ৰানৰ প্ৰয়োজন হৈছিল। আফগান স্পিনাৰগৰাকীয়ে আবেশ খানৰ ডেলিভাৰীটো বাউণ্ডেৰী মাৰি মেচখনত জয়লাভ কৰে। একেৰাহে দুখন মেচত পৰাস্ত হোৱাৰ পিছত এই শ্বাসৰুদ্ধকৰ জয়ে টাইটানছক অৱশ্যেই অক্সিজেন যোগাব।