NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ নামতিমুখত ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাস মহোৎসৱ আৰু ভাওনা সমাৰোহ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ February 24, 2022 6:51 am

শিৱসাগৰৰ নামতিমুখত ২১ ফেব্ৰুৱাৰীৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ আৰু ভাওনা সমাৰোহ ।

সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা ভাওনা সমাৰোহৰ আজি চতুৰ্থ দিন।

কালি মহোৎসৱ তথা সমাৰোহস্থলীত উপস্থিত হয় ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকা।

মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান কৰি ৰাস, ভাওনা আদি অসমীয়া সংস্কৃতিৰ লগতে ধৰ্মৰ সৈতেও তৰুণ প্ৰজন্মক চিনাকি কৰাই দিয়াটো প্ৰয়োজন বুলি দোহাৰে।

অৱশ্যে অসমীয়া লোকসকল  অত্যাধিক উৎসৱকেন্দ্ৰিক হোৱাটো কামনা নকৰে বুলিও উল্লেখ কৰে পিয়ুষ হাজৰিকাই।

বিহু এক- ডেৰমাহ নকৰি দহদিনীয়া কৰিব পাৰি নেকি সেই বিষয়ত গুৰুত্ব দিয়াৰ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷