NORTHEAST NOW (Assamese)

বিষ্ণৈৰ ‘ৰবি’ উদয়: চমকপ্ৰদ উত্থানেৰে টি-২০ ৰেংকিঙৰ শীৰ্ষত ৰবি বিষ্ণৈ

December 7, 2023 7:04 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 6, 2023 9:51 pm

কেৰিয়াৰত চমকপ্ৰদ উত্থান ঘটিছে ভাৰতৰ যুৱ লেগ স্পিনাৰ ৰবি বিষ্ণৈৰ। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাৰ পাছৰে পৰা আগবঢ়াই অহা ধাৰাবাহিক প্ৰদৰ্শনৰ ফল লাভ কৰিছে উদীয়মান তাৰকাগৰাকীয়ে।

আজি বিশ্ব ক্ৰিকেটৰ মুৰব্বী সংস্থা আই চি চিয়ে প্ৰকাশ কৰা টি-২০ ৰেংকিঙত বলাৰৰ তালিকাত শীৰ্ষস্থানত উপনীত হৈছে বিষ্ণৈ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্যসমাপ্ত টি-২০ শৃংখলাত উজ্জীৱিত প্ৰদৰ্শনেৰে সৰ্বাধিক উইকেট দখলৰ জৰিয়তে এই উত্থান ঘটে বিষ্ণৈৰ।

উল্লেখ্য যে, পাঁচখনীয়া শৃংখলাটোত ৯ টা উইকেট দখল কৰি বিষ্ণৈ শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হৈছিল। ৬৯৯ ৰেটিং পইণ্টেৰে ৰেংকিঙৰ শীৰ্ষ স্থান দখল কৰা বিষ্ণৈয়ে অতিক্ৰম কৰে আফগানিস্তানৰ তাৰকা বলাৰ ৰছিদ খানক।

লক্ষনীয়ভাৱে তাৰিকাৰ প্ৰথম চাৰিটা স্থান দখল কৰিছে চাৰিগৰাকী লেগ স্পিনাৰে। দ্বিতীয় স্থানলৈ অৱনতি ঘটা ৰছিদ খানৰ সাম্প্ৰতিক ৰেটিং পইণ্ট ৬৯২। ৬৭৯ ৰেটিং পইণ্টেৰে তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে শ্ৰীলংকাৰ ৱানিন্দু হাছাৰাংগা আৰু ইংলেণ্ডৰ আদিল ৰছিদ।

টি-২০ বলাৰ ৰেংকিঙত বিষ্ণৈৰ পিছত থকা আনগৰাকী ভাৰতীয় বলাৰ হৈছে অক্ষৰ পেটেল। পেটেল ৯টা স্থান আগুৱাই সম্প্ৰতি তালিকাত ১৮তম স্থানত আছে। এই দুই তাৰকাৰ বাদে শীৰ্ষ ২০ ত নাই আন ভাৰতীয় বলাৰ।

ইফালে টি-২০ৰ বেটাৰৰ ৰেংকিঙত শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে সূৰ্যকুমাৰ যাদৱে। ৮৫৫ ৰেটিং পইণ্ট লাভ কৰি যাদৱ তালিকাৰ দ্বিতীয় স্থানত থকা পাকিস্তানৰ মহম্মদ ৰিজৱান (৭৮৭)তকৈ যথেষ্ট আগবাঢ়ি আছে। তালিকাৰ সপ্তম স্থানত আছে ৰুতুৰাজ গাইকোৱাড।

বেটাৰৰ তালিকাত ১৯তম স্থানত আছে যুৱ অপেনাৰ য়শস্বী জয়ছোৱাল। আনহাতে আঘাতৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত খেলিব নোৱাৰিলেও হাৰ্দিক পাণ্ডিয়াই টি-২০ৰ অল ৰাউণ্ডাৰৰ তালিকাত তৃতীয় স্থান অক্ষুণ্ণ ৰাখিছে।

উল্লেখ্য যে, বিষ্ণৈৰ এই সাফল্যই আই চি চি ৰেংকিঙত ভাৰতীয় দলৰ আধিপত্য বৃদ্ধি কৰে। ভাৰতীয় দলটো ইতিমধ্যে তিনিওটা ফৰ্মেটতে ৰেংকিঙৰ শীৰ্ষস্থানত অধিষ্ঠিত হৈ আছে।

ইয়াৰ বিপৰীতে এদিনীয়াত বেটাৰৰ তালিকাত শুভমন গিল, টেষ্ট বলাৰ ৰেংকিঙত ৰবিচন্দ্ৰন অশ্বিন, টি-২০ বেটাৰ ৰেংকিঙত সূৰ্যকুমাৰ যাদৱ, টেষ্ট অল ৰাউণ্ডাৰৰ তালিকাত ৰবীন্দ্ৰ জাদেজা শীৰ্ষ স্থানত আছে।

Related News