NORTHEAST NOW (Assamese)

গাংগুলী ‘এফেক্ট’; নিৰ্বাচক মণ্ডলীৰ বৈঠকত প্ৰৱেশ নিষিদ্ধ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ

October 18, 2019 12:48 pm · এন ই নাও নিউজ
Updated: October 18, 2019 12:52 pm

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে অহা ২৩ অক্টোবৰত বিশ্বৰ সৰ্বাধিক প্ৰভাৱশালী ক্ৰিকেট ব’ৰ্ড হিচাপে পৰিচিত বি চি চি আইৰ অধ্যক্ষ ৰূপে দায়িত্ব গ্ৰহণ কৰিব।

দায়িত্ব লোৱাৰ পূৰ্বেই গাংগুলীয়ে নিৰ্বাচক মণ্ডলীৰ কমিটিৰ বৈঠকত এতিয়াৰে পৰা প্ৰশিক্ষক ৰবি শাস্ত্ৰী উপস্থিত থাকিব নোৱাৰে বুলি স্পষ্ট কৰি দিছে।

সৌৰভ গাংগুলীৰ এনে সিদ্ধান্তৰ পিছতে সংবাদ মহলৰ লগতে ভাৰতীয় ক্ৰিকেট জগতত বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে। ইফালে গাংগুলীয়ে এয়া লোধা কমিটিৰ নিৰ্দেশাৱলী মতেহে এই সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰে।

উল্লেখ্য যে অহা ২৪ অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগীয়া ঘৰুৱা শৃংখলাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হ’ব। দল ঘোষণাৰ বাবে অনুষ্ঠিত হ’ব লগীয়া বৈঠকত নিৰ্বাচক মণ্ডলীৰ লগতে অধিনায়ক বিৰাট কোহলী আৰু কেৱল ব’ৰ্ডৰ সচিব গৰাকীহে উপস্থিত থাকিব।

ইফালে যোৱা তিনি-চাৰি বছৰ ধৰি কোনো ক্ৰিকেটাৰে ঘৰুৱা ক্ৰিকেটত অংশ নল’লে কোনো ধৰণৰ প্ৰশ্নৰ সন্মুখীন হ’ব লগীয়া হোৱা নাছিল। কিন্তু এই ক্ষেত্ৰত এতিয়াৰে পৰা সৌৰভ গাংগুলীয়ে কঠোৰ হ’ব বুলিও জানিব পৰা গৈছে।

এই খিনিতে উল্লেখ কৰি থোৱা ভাল যে টিম ইণ্ডিয়াৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী আৰু ব’ৰ্ডৰ অধ্যক্ষ হ’বলৈ গৈ থকা সৌৰভ গাংগুলীৰ মাজৰ সম্পৰ্ক পূৰ্বৰে পৰা খুব এটা ভাল নহয়।

২০১৭ চনৰ চেম্পিয়নছ ট্ৰফিৰ সময়ত প্ৰশিক্ষক অনিল কুম্বলে আৰু অধিনায়ক বিৰাট কোহলীৰ মাজত হোৱা মতভেদৰ পিছতে কুম্বলেই প্রশিক্ষকৰ পদ এৰিছিল।  ইয়াৰ পিছতে ভাৰতীয় দলৰ প্ৰশিক্ষকৰ পদত অধিষ্ঠিত হৈছিল ৰবি শাস্ত্ৰী। কিন্তু ৰবি শাস্ত্ৰীক প্ৰশিক্ষক বনোৱাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল গাংগুলীয়ে।

পিছত উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া প্ৰশাসক কমিটি আৰু শচীন টেণ্ডুলকাৰৰ বাবেই সৌৰভ গাংগুলীয়ে নিজকে এই বিষয়টোৰ পৰা আঁতৰত ৰাখে।

Related News