NORTHEAST NOW (Assamese)
Popular Stories

পাকিস্তানে নিজৰ কৰ্মচাৰীৰ মাজতে দেখিছে ৰ’ৰ ভূত!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2020 4:28 pm

অনবৰতে ভাৰতৰ অহিত চিন্তা কৰি অহা পাকিস্তানে এতিয়া নিজৰ কৰ্মচাৰীৰ মাজতে দেখিবলৈ পাইছে ভাৰতৰ ৰিছাৰ্চ এনালাইছিছ উইঙৰ ভূত।

শেহতীয়াকৈ দেশ খনৰ ফেডাৰেল ইনভেষ্টিগেটিভ এজেঞ্চিয়ে ৰ’ৰ হৈ কাম কৰি থকাৰ অভিযোগত নিজৰ দেশৰেই এজন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই ভাৰতৰ বহু লোকক বেছ আমোদ দিছে।

পাকিস্তানৰ কৰাচীৰ অগ্নি নিৰ্বাপন বিভাগত কৰ্মৰত জাফৰ খান নামৰ লোক জনক ফেডাৰেল ইনভেষ্টিগেটিভ এজেঞ্চিয়ে ৰ’ৰ হৈ কাম কৰি থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

ফেডাৰেল ইনভেষ্টিগেটিভ এজেঞ্চিয়ে অভিযোগ কৰা অনুসৰি লোক জনে দীৰ্ঘ দিন ধৰি ৰ’ৰ হৈ কাম কৰি আহিছে।

জাফৰ খান নামৰ লোক জনে ১৪ মাহ ধৰি ভাৰতত কটাই যোৱা বুলিও তদন্তকাৰী সংস্থাটোৱে অভিযোগ কৰিছে।

সংস্থাটোৰ মতে লোকজনে ভাৰতত থাকি বোমা প্ৰস্তুত কৰা শিকিছিল আৰু কৰাচীলৈ উভতি আহি বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল।

লোকজনক সহায় কৰা আন দুজন লোককো সংস্থাটোৱে গ্ৰেপ্তাৰ কৰিছে।

আন দুজন লোকে জাফৰ খানক হাৱালাৰ জৰিয়তে ধনৰ যোগান ধৰিছিল বুলি ফেডাৰেল ইনভেষ্টিগেটিভ এজেঞ্চিয়ে  অভিযোগ তুলিছে।

ইয়াৰ পূৰ্বেও ফেডাৰেল ইনভেষ্টিগেটিভ এজেঞ্চিয়ে ভাৰতৰ হৈ কাম কৰাৰ অভিযোগত পাক আৰক্ষীৰ এজন উপ-পৰিদৰ্শকক গ্ৰেপ্তাৰ কৰিছিল