NORTHEAST NOW (Assamese)
অসম

কোটাক মহিন্দ্ৰা বেংকৰ ওপৰত ডাঙৰ নিষেধাজ্ঞা জাৰি কৰিলে আৰবিআইয়ে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 25, 2024 9:21 am
কোটাক মহিন্দ্ৰা বেংকৰ ওপৰত ডাঙৰ নিষেধাজ্ঞা জাৰি কৰিলে আৰবিআইয়ে!

বুধবাৰে এক নিৰ্দেশযোগে ৰিজাৰ্ভ বেংকে কয় যে আই টি অডিটত উদ্বেগজনক প্ৰতিবেদনৰ পিছত কোটাক মহিন্দ্ৰা বেংকৰ নতুন গ্ৰাহকক অনলাইন বেংকিং বা মোবাইল বেংকিঙৰ সৈতে সংযোগ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

কেৱল সেয়াই নহয়, পৰৱৰ্তী জাননী নিদিয়ালৈকে কোটাক মহিন্দ্ৰাই কোনো নতুন ক্ৰেডিট কাৰ্ড প্ৰদান কৰিব নোৱাৰিব।

অৱশ্যে বেংকৰ বৰ্তমানৰ গ্ৰাহকসকলে এই বিষয়ে চিন্তা কৰাৰ কোনো কাৰণ নাই। বৰ্তমানৰ গ্ৰাহকসকলে একেদৰেই সেৱাসমূহ লাভ কৰি থাকিব।

লগতে পঢ়কঃ অসমৰ কাৰাগাৰৰ পৰা পঞ্জাৱত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপল সিঙে

কিন্তু ভোটগ্ৰহণৰ পৰিৱেশৰ মাজতে কোটাক মহিন্দ্ৰা বেংকত নিষেধাজ্ঞাৰ ফলত গ্ৰাহকসকল কিছু পৰিমাণে শংকিত হৈ পৰিছে।

এতিয়া এই ব্যক্তিগত বেংকটোৱে আৰু অনলাইন বা মোবাইল বেংকিঙৰ জৰিয়তে নতুন গ্ৰাহকক সংযোগ কৰিব নোৱাৰে। নতুন ক্ৰেডিট কাৰ্ড প্ৰদানৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।