NORTHEAST NOW (Assamese)
অসম

এইটো বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে RBI-য়ে; আপোনাৰো টকা জমা আছে? এতিয়াই উলিয়াই লওক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 25, 2026 12:43 pm

পেটিএম পেমেণ্টছ বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে।  কঠোৰ নিৰ্দেশনা জাৰি কৰি জনোৱা হৈছে যে পেটিএম পেমেণ্টছ বেংকে তৎকালীনভাৱে সকলো কাম-কাজ বন্ধ কৰিব লাগিব।

আৰ বি আইয়ে এইটোও স্পষ্ট কৰি দিছে যে বেংকটোৰ হাতত বৰ্তমান লিকুইডেচন বা বন্ধ কৰাৰ পূৰ্বে জমাকাৰীৰ ধন সম্পূৰ্ণৰূপে পৰিশোধ কৰিব পৰাকৈ পৰ্যাপ্ত ধন আছে।

জানিব পৰা মতে, আৰ বি আইয়ে দীৰ্ঘদিন ধৰি এনে সিদ্ধান্তৰ কথা চিন্তা কৰি আছিল। তাৰেই এইটো আছিল শেষ পদক্ষেপ। ইয়াৰ পূৰ্বে কোম্পানীটোক নতুন গ্ৰাহক অন্তৰ্ভুক্তি আৰু জমা ধন গ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।

মন কৰিবলগীয়া যে ২০২২ চনৰ পৰা পেটিএম পেমেণ্টছ বেংকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ অভিযান আৰম্ভ হৈছিল। পিছলৈ ২০২৪ চনত শাসন ব্যৱস্থা, নিয়ম মানি চলা আৰু কাৰ্য্যকৰী ভুলৰ বিষয়ে বাৰে বাৰে উদ্বেগ সৃষ্টি হোৱাৰ পিছত এই অভিযান আৰু অধিক কঠোৰ কৰা হৈছিল।

অনুজ্ঞাপত্ৰ বাতিলৰ কাৰণ হিচাপে আৰ বি আইয়ে কয় যে পেটিএম পেমেণ্টছ বেংকৰ শেহতীয়া কাৰ্যকলাপ জমাকাৰী আৰু জনস্বাৰ্থৰ বিৰুদ্ধে।

ইয়াৰ উপৰিও কোম্পানীটোৰ পৰিচালনা সমিতিৰ কেইবাটাও সিদ্ধান্তৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ উপৰিও এইবোৰ জনস্বাৰ্থ আৰু জমাকাৰীৰ স্বাৰ্থৰ বাবে ক্ষতিকাৰক আছিল বুলিও উল্লেখ কৰা হৈছে।

আৰ বি আইৰ মতে, তেওঁলোকে এই পৰিস্থিতিত বেংকটো অব্যাহত ৰখাৰ কোনো কাৰণ দেখা নাই। দৰাচলতে কোম্পানীটোৱে পেমেণ্টছ বেংকৰ অনুজ্ঞাপত্ৰৰ চৰ্ত আৰু নিয়ম মানি চলাত ব্যৰ্থ হৈছে।