NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যালয়ত বোমাতংক; ৰুছ ভাষাত লিখা ইমেইলত ভাবুকি

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী December 13, 2024 1:29 pm

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যালয়ত বোমাতংক। মুম্বাইৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যালয়ত এটা ইমেইল আহিল। মেইলখন ৰাছিয়ান ভাষাত লিখা হৈছে। মেইলৰ ভাষা আছিল এনেধৰণৰঃ আৰ বি আইৰ মুম্বাই কেম্পাছত বিস্ফোৰক ৰখা হৈছে।

শুকুৰবাৰে পুৱা মেইল ​​অহাৰ পিছতে আৰ বি আইৰ মুম্বাই কাৰ্যালয়ত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। আৰক্ষীক খৰধৰকৈ খবৰ দিয়া হয়। ঘটনাস্থলীত আহি উপস্থিত হয় আৰক্ষী আৰু বোম স্কোয়াড। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।

চলিত মাহত দ্বিতীয়বাৰৰ বাবে আৰ বি আইয়ে এনে ভাবুকি পাইছে। ইয়াৰ পূৰ্বে ১৬ নৱেম্বৰত আৰ বি আইৰ কাষ্টমাৰ কেয়াৰ নম্বৰত ভাবুকিপূৰ্ণ ফোন কল আহিছিল। ফোনটোৰ আনটো মূৰৰ পৰা দাবী কৰা হৈছিল, লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰে কৈছো। ইয়াৰ পিছতে অচিনাক্ত যুৱকজনে গান গাই গাই ভাবুকি দিয়ে। এমাহৰ ভিতৰতে ভাবুকি দিয়া মেইলটো আহিল।

এই ঘটনাৰ পূৰ্বে শুকুৰবাৰে পুৱা দিল্লীৰ কেইবাখনো বিদ্যালয়ত বিয়পি পৰে বোমাতংক। পূৱ কৈলাশ, শ্ৰীনিবাস পুৰী, ময়ুৰ বিহাৰ অঞ্চলৰ কেইবাখনো বিদ্যালয়লৈ আহিছিল ভাবুকিপূৰ্ণ ইমেইল।

উল্লেখ্য যে চলিত সপ্তাহৰ আৰম্ভণিতে দিল্লীৰ ৪০খন বিদ্যালয়ত বোমা স্থাপন কৰা হৈছে বুলি ইমেইল আহিছিল। অৱশ্যে সেই বিদ্যালয়সমূহৰ পৰা তালাচীৰ অন্তত কোনো বোমা বা আন কোনো বিস্ফোৰক উদ্ধাৰ হোৱা নাছিল।